গুৱাহাটী আই আই টিত আজিৰে পৰা আৰম্ভ হ'ল ডিজাইন মহোৎসৱ, ঈষাণ্য ২০১ঌ

 05/20/2019 - 12:42

গুৱাহাটীঃ উত্তৰ পূৰ্বাঞ্চল তথা দেশৰ আগশাৰীৰ প্ৰযুক্তিবিদ্যা, ডিজাইন, উদ্ভাৱনী কেন্দ্ৰ হিচাপে গুৱাহাটী আই আই টি য়ে এক বিশেষ ভূমিকা পালন কৰি আহিছে।

আজি পোন প্ৰথমবাৰৰ বাবে গুৱাহাটী আই আই টিৰ কনফাৰেঞ্চ হ'লত ৯:৩০ বজাত শুভাৰম্ভ হয় ফেষ্টিভেল অৱ ডিজাইন টেকন’লজি এণ্ড আৰ্ট মহোৎসৱ, ঈষাণ্য ২০১ঌ।

গুৱাহাটী আইআইটিৰ ডিজাইন ডিপাৰ্টমেণ্টৰ ২০ বছৰ, আইআইটি গুৱাহাটীৰ ২৫ বছৰ আৰু জাৰ্মানীৰ বাহছ স্কুল অৱ ডিজাইনৰ ১০০ পূৰ্ণ হোৱা উপলক্ষে এই মহোৎসৱ আয়োজন কৰা হৈছে।

আজি পুৱা বন্তি প্ৰজ্বলন কৰি আনুষ্ঠানিক ভাৱে অনুষ্ঠান মুকলি কৰে গুৱাহাটী আই আই টি সঞ্চালক প্ৰফেচাৰ গৌতম বিশ্বাসে। ইয়াৰ পাছতে '' ডিঅ'ডি, টু ডেকেড অব ডিজাইন "শীৰ্ষক দুটা দশকৰ লেখজোখ সন্নিৱিষ্ট পুস্তক মুকলি কৰা হয়।

অনুষ্ঠানত আই আই টি প্ৰাক্তন সঞ্চালকদ্বয় ডি এন বুঢ়াগোহাঁই, প্ৰফেচাৰ গৌতম বৰুৱা লগতে এজি ৰাও, চপনা বেহাৰ, ইউ এন আথাভাঙকাৰ, ড০ উদয় কুমাৰ আদি বিশেষজ্ঞই ন ন প্ৰযুক্তি আৰু ডিজাইনৰ সম্ভাৱনীয়তা ওপৰত মত বিনিময় আৰু আলোকপাত কৰে।

অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত আই আই টি ডিজাইন ডিপাৰ্টমেণ্টে এক উল্লেখনীয় ভূমিকা পালন কৰি আহিছে। ২৫০০ শিপিনীৰে গঠিত শিৱসাগৰ মেগা হেণ্ডলুম আই আই টিয়ে কাৰিকৰী দিশটো চোৱা চিতা কৰি আগবঢ়াই নিছে। একেদৰে ৰিক্সা, বাহ বেটৰ উদ্যোগত আই আই টিৰ যঠেষ্ট গুৰুত্বপূৰ্ণ অৱদান আছে।

যাৰবাবে উত্তৰ পূৰ্বাঞ্চলত উৎপাদিত সামগ্ৰীয়ে বিশ্বৰ বজাৰত সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে বহুলোকে কৰ্মসংস্থাপনো পাইছে। প্ৰফেচাৰ প্ৰতুল কলিতাই জানিবলৈ দিয়া মতে বৰ্তমান 'স্বাস্থ্য’ শীৰ্ষক আঁচনিৰ জৰিয়তে টিবি ৰোগত আক্ৰান্তসকলৰ বাবে আৰম্ভ কৰা প্ৰজেক্টৰ কামো যথেষ্ট অগ্ৰগতি লাভ কৰিছে। অহা মংগলবাৰে অসমৰ বিভিন্ন আগশাৰীৰ বিদ্যালয় আৰু দ্বাদশ পৰ্যায়ৰ ৮০০ ছাত্ৰ-ছাত্ৰীক ন ন উদ্ভাৱনী কৌশল আৰু মডেল পৰিদৰ্শন সুবিধা প্ৰদান কৰা হব বুলি গুৱাহাটী আই আই টিৰ তৰফৰ পৰা জনসম্পৰ্কৰক্ষী বিষয়া লৱণু কিশোৰ কোঁৱৰে জানিবলৈ দিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।