নলবাৰীঃ নলবাৰী জিলাৰ কঠোৰা গাঁৱত অনুষ্ঠিত হৈ যায় বসন্ত উৎসৱ৷ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বসন্ত উৎসৱত বিহু হুঁচৰি প্ৰতিযোগিতাৰ লগতে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈ যায়৷ নিশা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ শুভ উদ্বোধন কৰে প্ৰতিবিম্ব লাইভৰ সম্পাদক তফিক উদ্দিন আহমেদে৷
আহমেদে উদ্বোধনী ভাষণত কয় যে সংস্কৃতি প্ৰতিযোগিতাৰে জীয়াই নাথাকে৷ সংস্কৃতি জীয়াই ৰাখিবলগীয়া হ’লে প্ৰতিজন অসমীয়াৰ জাতীয় চেতনা সুতীব্ৰ হ’ব লাগিব৷ তেওঁ ভাষণত বিহু নৃত্যত অশ্লীলতা বিচাৰি পোৱা এচাম অসমীয়াক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে অসমৰ বিহু সংস্কৃতিৰ লগতে অন্যান্য সংস্কৃতি ৰক্ষাত মফচলীয়া অঞ্চলৰ অৱদান বেছি৷ নিম্ন মধ্যবিত্তৰ মানুহখিনিয়ে সংস্কৃতি ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে৷ এই মানুহখিনিৰ সন্তানে ভেলেণ্টাইন ডে’ টমেটো ফেষ্টিভেল পালন নকৰে৷ যিয়ে বিহুত অশ্লীলতা বিচাৰি পাই তেওঁলোকৰ সন্তানে নাইট ক্লাব অথবা টমেটো ফেষ্টিভেলত অশ্লীলতাৰ মুকলি পোহাৰ পাতে বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷
বিহু হ’ল চহা জীৱনৰ উৎসৱ৷ গতিকে কৃষকক গুৰুত্ব প্ৰদান কৰি কৃষকক আদৰ সাদৰ কৰি প্ৰতিখন বিহুমঞ্চই সন্মান যাচিব লাগে বুলি অনুৰোধ জনায়৷ যেতিয়াই অসমীয়া ভাষা সংস্কৃতিলৈ বিপদ আহিছে তেতিয়াই অসমৰ কৃষক আৰু নিম্ন মধ্যবিত্তৰ লোকে সংস্কৃতি ৰক্ষাৰ বাবে আগবাঢ়ি আহিছে বুলিও মন্তব্য কৰে৷ সাংস্কৃতিক সন্ধিয়াত অঞ্চলটোৰ বিভিন্নজনে নিজৰ নিজৰ প্ৰতিভা দাঙি ধৰাৰ লগত জনপ্ৰিয় কণ্ঠশিল্পী আৰোহণ ভৰদ্বাজ আৰু মিছ পূৱালীয়ে গীত পৰিৱেশন কৰে৷