আলফালৈ জুবিন গাৰ্গৰ মুকলি চিঠি

 05/20/2019 - 13:35

প্ৰতি,

সংযুক্ত মুক্তি বাহিনী, অসম

মোক এক বিপ্লৱ লাগে, সেই বিপ্লৱ হ'ব লাগে পৰিৱৰ্তনৰ বিপ্লৱ। নিদোৰ্ষী লোকক হত্যা কৰি একো ফল পোৱা নাযায়। ভয়ৰ জৰিয়তে এখন ৰাষ্ট্ৰ নিৰ্মাণ নহয়। কাম আৰু কঠোৰ পৰিশ্ৰমৰ যোগেদি নিৰ্মাণ হ'ব এখন শক্তিশালী ৰাষ্ট্ৰ।আমাৰ উঠি অহা প্ৰজন্মক শিকাৱক খেতি কেনেকৈ কৰা হয়। তেওঁলোকৰ সপোনবোৰক সাকাৰ ৰূপ দিবলৈ শিকাৱক।

যদি আপোনালকে কিবা নিৰ্মাণ কৰিব বিচাৰিছে, তেন্তে মাজুলীখন নিৰ্মাণ কৰক। যদি কিবা নি:শেষ কৰিব বিচাৰিছে, তেন্তে কাজিৰঙাত ঘূৰি ফুৰা বিপদবোৰক নি:শেষ কৰক! মোক এনে এক বিপ্লৱৰ প্ৰয়োজন, যি বিপ্লৱে বানপানীৰ সৈতে যুঁজিব পাৰিব, আমাক মুখ্যধাৰাৰ অংগ হিচাপে বিবেচিত কৰাত সহায় কৰিব। গণতন্ত্ৰ নিজস্ব শক্তি আৰু গৰিমাৰে থিয় হৈ আছে। আপোনালোক ভয়ৰ পৰা কেতিয়াও মুক্ত হ'ব নোৱাৰে। অৰাজকতাই কোনো পৰিৱৰ্তন সাধন কৰিব নোৱাৰে।

আমি জনতাৰ বাবেই এখন ৰাষ্ট্ৰ হৈ বাস কৰিছো। যদি কোনো লোক জীয়াই নাথাকে, তেনেহলে আমি কেনেকৈ এক হৈ থিয় দিম? মই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ কৰি আহিছো। সন্ত্ৰাসবাদে কেতিয়াও আপোনালোকৰ অধিকাৰক সাকাৰ ৰূপ দিব নোৱাৰে। শিক্ষা, প্ৰগতি আৰু বিকাশে দিব এই অধিকাৰ সমূহক বাস্তৱ ৰূপ।সকলো মানুহেই শিল্পী, আৰু সকলো আজি শান্তিৰ পক্ষত।

মই শান্তি আৰু শ্ৰমিক সকলৰ বাৰ্তাবাহক। আমাক কাম কৰিবলৈ দিয়ক, আমাক আকাশ চুবলৈ দিয়ক, যিখন আকাশ মুকলি আৰু স্পষ্ট।আমাৰ সন্তানক শান্তিৰে আগবাঢ়িবলৈ দিয়ক, আমাক জীয়াই থাকিবলৈ দিয়ক। মৃত্যুৰ পাছত কোনো ন্যায় নাই।

মৰমেৰে জুবিন গাৰ্গ

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।