২ বছৰ আগতে বিশ্বনাথৰ পৰা চুৰি হোৱা মটৰ চাইকেল ক'হিমাৰ পৰা উদ্ধাৰ

 12/22/2020 - 18:26

 


বিহালীঃ ২০১৮ চনতে বিশ্বনাথৰ বিশ্বনাথ মহাবিদ্যালয়ৰ অবসৰ প্ৰাপ্ত সহযোগী অধ্যাপক অমৰ জ্যোতি বৰঠাকুৰৰ ঘৰৰ পৰা চুৰি হৈছিল তেখেতৰ ৰয়েল এণ্ডফিল মটৰ চাইকেলখন। এই সন্দৰ্ভত অধ্যাপক গৰাকীয়ে বিশ্বনাথ আৰক্ষী থানাত গোচৰ দিছিল যদিও কোনো ধৰণৰ সুফল পোৱা নাছিল। কিন্তু যোৱা ২৫ নবেম্বৰ তাৰিখে হঠাৎ অধ্যাপক গৰাকীৰ মবাইলত এক মেছেজ আহে।

যত লিখা আছিল আপোনাৰ মটৰ চাইকেলখন চাৰ্ভিচিং কৰোৱাৰ বাবদ ইমান টকা আপুনি আমাক দিব লাগে আৰু আপুনি আপোনাৰ মটৰ চাইকেলখন ইমান বজাত লৈ যাব পাৰিব। সেই মেছেজ অহাৰ লগে লগে অধ্যাপক গৰাকীয়ে বিশ্বনাথৰ এণ্ডফিল ডিলাৰৰ লগত কথা বতৰা পাতি জানিবলৈ সক্ষম হল যে তেওঁৰ মটৰ চাইকেলখন কহিমাত আছে আৰু সেই মটৰ চাইকেলখন কহিমাৰে B.H.Recare নামৰ এখন ৰয়েল এণ্ডফিল ডিলাৰত চাৰ্ভিচিং কৰিবলৈ দিয়া হৈছে।

অধ্যাপক গৰাকীয়ে খবৰ বিশ্বনাথৰ সদৰ ডি এছ পি মোজাফৰ হুছেইনক জনাই যদিও ডি এছ পি গৰাকীয়ে কহিমাৰ ডিলাৰখনৰ লগত যোগাযোগ কৰি গম পায় যে ডিলাৰ কৰ্তৃপক্ষই ইতিমধ্যে মটৰ চাইকেলখন ডেলিভাৰী দিলে।কিন্তু ডি এছ পি মুজাফৰ হুছেইনে এই মটৰ চাইকেলখন কহিমাত থকা খবৰ পায় কহিমা আৰক্ষীৰ সৈতে যোগাযোগ ৰাখি আহ্হিছিল।যাৰ ফলত যোৱা কহিমা আৰক্ষীয়ে যোৱা ১৮ ডিচেম্বৰ তাৰিখে জনাই যে মটৰ চাইকেল খন কহিমাৰে এটা স্থানত পোৱা গৈছে।

সেই মৰ্মেই বিশ্বনাথৰ সদৰ ডি এছ পি গৰাকীয়ে এটা আৰক্ষীৰ দল কহোমালৈ পঠিয়াই চুৰি হোৱা মটৰ চাইকেলখন উভতাই আনিবলৈ সক্ষম হয়।যাৰ বাবে বিশ্বনাথৰ সদৰ ডি এছ পি মিজাফৰ হুছেইন আৰু বিশ্বনাথ আৰক্ষী থনাক ধন্যবাদ জ্ঞাপন কৰে অধ্যাপক অমৰজ্যোতি বৰঠাকুৰৰ লগতে বিশ্বনাথৰ বহু লোকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।