সাৰস্বত সংগীত বিদ্যালয় উদ্বোধন শিল্পী জে.পি দাসৰ

 05/20/2019 - 14:41

টীয়কঃ যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ কাকজান অঞ্চলত সাৰস্বত সংগীত বিদ্যালয় নামেৰে সংযোজিত হ'ল এখন সংগীত বিদ্যালয়৷ বিদ্যালয়ৰ কাৰ্যালয়ৰ ফিটা কাটি বিদ্যালয় গৃহৰ শুভ উদ্বোধন কৰে জনপ্ৰিয় শিল্পী জে পি দাসে৷ ইয়াৰ পিছতে কাকজান কলাকৃষ্টি কেন্দ্ৰত উজ্জ্বল বৰদলৈয়ে আঁত ধৰা উদ্বোধনী অনুষ্ঠানৰ কাৰ্যসূচী মুকলি হয় কণমাণি শিল্পী কৃতৃষ্ণা বৰাৰ এটি সুন্দৰ গীতেৰে৷

অসমৰ বহু মঞ্চত সফলতা লাভ কৰা যুৱ সংগীত শিল্পী শিখামণি গগৈ আৰু সংগীবৃন্দৰ প্ৰচেষ্টাত গঢ় লৈ উঠা বিদ্যালয়খনৰ উদ্বোধনী কাৰ্যসূচীত মুক্ত চিন্তাৰ লগত জড়িত গৌৰীশংকৰ বৰা, নৌ সেনাত কৰ্মৰত বিষয়া মৃদুল বৰুৱা, যুৱ নাট্যকৰ্মী তাপস তৰুণ শইকীয়া, অসম সচিবালয়ৰ সচিব অজিত বৰদলৈকে প্ৰমূখ্যে কৰি বহু সাংস্কৃতিক মনৰ ব্যক্তি উপস্থিত থাকে৷

ইয়াৰ পাছতে সাংস্কৃতিক অনুষ্ঠানেৰে অনুষ্ঠান সম্পন্ন হয়৷ জনপ্ৰিয় কণ্ঠশিল্পী জে পি দাসে যুৱ প্ৰজন্মৰ প্ৰগতিশীল চিন্তাক শলাগ লোৱাৰ লগতে এই অনুষ্ঠান আগবাঢ়ি যোৱাৰ কামনা কৰি কেইবাটাও সুন্দৰ গীতেৰে অনুষ্ঠানটি জীপাল কৰি তোলে৷ ইয়াৰ উপৰিও আন প্ৰতিভাৱান যুৱ সাংস্কৃতিক কৰ্মীসকলেও তেওঁলোকৰ প্ৰতিভাৰে অনুষ্ঠানটো অধিক মনোগ্ৰাহী কৰি তোলে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।