তামুলপুৰত এনআৰচি আপত্তিৰ নামত এবিএমছুৰ অৱস্থান ধৰ্মঘট

 05/20/2019 - 15:14

তামুলপুৰঃ এনআৰচি প্ৰস্তুত কৰাৰ দাবীত আজি তামুলপুৰত এবিএমছুৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়। তামুলপুৰ জিলা এবিএমছুৰ উদ্যোগত তামুলপুৰ ঘগ্ৰাচক বাকৰিত পুৱা ১১ বজাৰ পৰা দিনৰ ১ বজালৈ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।

এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে এনআৰচিৰ নামত অত্যাচাৰ নচলিব,বিদেশীৰ নামত স্বদেশীক কৰা হাৰাশাস্তি বন্ধ কৰক, আমাক এখন শুদ্ধ এনআৰচি লাগিবই, এনআৰচি আপত্তিৰ নামত হাৰাশাস্তি বন্ধ কৰক, ভুৱা আপত্তিকাৰী গবেক, এই সংগ্ৰাম চলিছে চলিবই, অসম চৰকাৰ মিছলীয়া, অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হায় হায়, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মূর্দাবাদ, হাগ্ৰামা মহিলাৰী লেই লেই চেই চেই, সৰ্বানন্দৰ হিটলাৰী শাসন বন্ধ কৰক, ভুৱা আপত্তিকাৰীক জীয়াই জীয়াই কবৰ দিয়ক, অসম চৰকাৰ গো বেক, উই ৱান্ট জাষ্টিছ আদি ধ্বনিৰে তামুলপুৰৰ আকাশ বতাহ কঁপাই তোলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।