শিৱসাগৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বিশেষ ভূমি ৰাজহ শিৱিৰ

 05/20/2019 - 16:11

শিৱসাগৰঃ শিৱসাগৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আজি এক বিশেষ ভূমি ৰাজহ শিৱিৰ অনুষ্ঠিত হয়।শিৱসাগৰ ৰাজহ চক্ৰ বিষয়াৰ তৎপৰতাত আৰু জিলা প্ৰশাসনৰ উদ্যোগত চলিত ৰাজহ বৰ্ষত অনাদায় ভূমি ৰাজহ সংগ্ৰহৰ বাবে এই শিৱিৰ অনুষ্ঠিত কৰা হৈছে।

বিগত ১০ বছৰ ধৰি যিসকলে ভূমি ৰাজহ প্ৰদান কৰা নাই সেই সকলক চৰকাৰী জাননী প্ৰেৰণ কৰি আজি অনুষ্ঠিত ৰাজহ শিৱিৰত ৰাজহ প্ৰদানৰ এক বিশেষ সুবিধা প্ৰদান কৰা হয়।

ইয়াৰ লগতে বিভিন্ন ভূমি বিবাদ অথবা বন্দোৱস্তিৰ আৱেদন গ্ৰহণৰ এক ৰাজহুৱা ব্যৱস্থাও কৰা হয় যাতে ভূমি বিষয়ক সমস্যা নিষ্পত্তিৰ বাবে ৰাইজে আৱেদন কৰিব পাৰে।

শিৱসাগৰ ৰাজহ চক্ৰৰ পাঁচ মৌজাৰ সহস্ৰাধিক লোকে এই শিৱিৰত অংশগ্ৰহণ কৰি ৰাজহ আদায়ৰ লগতে আন বিষয় নিষ্পত্তিৰ শিতানত চক্ৰ বিষয়াৰ কাৰ্যালয়ে আগবঢ়োৱা সুবিধা গ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।