ছচিয়েল মিডিয়া যোগে আলফা(স্বাঃ)ৰ মুখ্য সেনাধক্ষ্যলৈ জিতেন দত্তৰ মুকলি চিঠি

 05/20/2019 - 17:06

প্ৰতি,
পৰেশ বৰুৱা মহাশয়,

বৈপ্লবিক অভিনন্দন গ্ৰহণ কৰিব৷ ১৯৭৯ৰ পৰিৱেশ পৰিস্থিতি আৰু আজিৰ ২০১৯ৰ পৰিৱেশ পৰিস্থিতিৰ মাজত যথেষ্ট পাৰ্থক্য আহি পৰিছে৷ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী সমূহ বহুধা বিভক্ত হৈ পৰিছে৷ অসমীয়া,খিলঞ্জীয়া,শব্দৰ সাৰ্বজনীন গ্ৰহণযোগ্য সূত্ৰ এটা আজিলৈকে নিৰ্দ্ধাৰণ নহ’ল৷ অসমৰ অধিকাংশ জনগণে স্বাধীনতাৰ বিপৰীতে ভাৰতৰ ভিতৰতে তামিলনাডুৰ তামিল. গুজৰাটৰ গুজৰাটী, মহাৰাষ্ট্ৰৰ মাৰাঠী . পশ্চিমবংগৰ বেঙ্গলী সকলৰদৰে আত্মসন্মান সহকাৰে অসমীয়া হিচাবে মূৰ তুলি জীয়াই থাকিব বিচাৰে৷ স্বাধীন অসমৰ ঐতিহাসিক নায্যতাক স্বীকাৰ কৰিও কও যে সাম্প্ৰতিক পৰিস্থিতিত ই সম্ভৱ নহয়৷ ভুল নুবুজিব ছাৰ।বহু অভিজ্ঞতাৰ পৰাহে এই কথা খিনি কৈছো৷ অসমীয়া জাতি বৰ্তমান কেলধোপ কেলধোপকৈ জীয়াই আছে৷ ভাষা,সংস্কৃতি,ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ সকলোতে বাংলাদেশী আৰু বহিৰাগতৰ দপদপনি৷
গতিকে জাতিটোক ৰক্ষাৰ স্বাৰ্থত ভাৰত চৰকাৰৰ লগত সন্মান জনক আলোচনাত অংশগ্ৰহণ কৰক আৰু জাতিটোক বচাওক৷ তাৰ বাবেই আমাক লাগে....

১/ প্ৰথম অসমীয়া আৰু খিলঞ্জীয়াৰ সূত্ৰ নিৰ্দ্ধাৰণ৷
২/ অসমৰ ভূমি আৰু সম্পদৰ ওপৰত খিলঞ্জীয়াৰ অধিকাৰ৷
৩/ বিধানসভাত ৮৫% আসন খিলঞ্জীয়াৰ বাবে সংৰক্ষণৰ ব্যৱস্থা৷
৪/ চৰকাৰী বা বেচৰকাৰী সকলো প্ৰতিষ্ঠান আৰু স্কুল কলেজত অসমীয়া ভাষাক বাধ্যতামূলক ভাবে প্ৰয়োগ তথা অসমত থকা সকলো ভাৰতীয় লোকেই অসমীয়া ভাষা শিকা আৰু কোৱা বাধ্যতামূলক৷
৫/ চৰকাৰী,বেচৰকাৰী সকলো অনুষ্ঠান প্ৰতিষ্ঠানতে ১০০% অসমীয়া নিযুক্তি বাধ্যতামূলক হওক৷
৬/ ৫১ চনৰ পিছত অহা সকলো বাংলাদেশী চিনাক্ত কৰি বিতাৰণৰ ব্যৱস্থা কৰা৷
৭/ মুদ্ৰা, প্ৰতিৰক্ষা, বৈদেশিক সম্পৰ্ক আৰু যোগাযোগ এই চাৰিটা বিষয় কেন্দ্ৰৰ হাতত ৰাখি বাকী সকলো অধিকাৰ ৰাজ্য চৰকাৰৰ হাতত অৰ্পণ কৰা৷

স্বাধীনতাৰ বিকল্প হিচাপে এই অধিকাৰখিনি যদি আমি আজুৰি আনিব পাৰো তেন্তে অসমে ভাৰতৰ অনান্য ৰাজ্যৰ দৰে মূৰ তুলি জীয়াই থাকিব পাৰিব৷
ইয়াৰ বাবে যদি এখন শক্তিশালী গণ সংগ্ৰামৰ প্ৰয়োজন হয় তেন্তে আহক আমি একেলগে আৰম্ভ কৰো৷ কিন্তু তাৰ বিপৰীতে স্বাধীনতাৰ দাবীত এইদৰে এখিনি নিৰীহ মানুহৰ হত্যাযজ্ঞ, বোমা বিস্ফোৰণ কামনা নকৰো৷ কামনা নকৰো অসমৰ এচাম তেজাল ডেকাই স্বাধীনতাৰ স্বপ্নত ডুব গৈ যাতে মৃত্যুক সাৱটি লওক৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।