ডিজিটেল ডেস্কঃ দেশৰ প্ৰান্ত প্ৰান্তে এতিয়া বৃদ্ধি পাইছে ইলেকট্ৰ'নিক বাহনৰ চলাচল। তেনে সময়তে অহা বৰ্ষৰ এপ্ৰিল মাহৰ পৰা ডিজেল চালিত গাড়ীসমূহ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে মাৰুতি কোম্পানীয়ে। লগতে ২০৩০ চনলৈকে পেট্ৰ’ল–ডিজেল চালিত গাড়ীৰ চলাচল বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেইবাখনো দেশে। সেয়ে এতিয়া তেল ডিপোৰ ঠাইত চাৰ্জিং ষ্টেচন খুলি উপাৰ্জন কৰাটো সোণালী সুযোগ হিচাপে বিবেচিত হৈ পৰিছে।
ভাৰতত জাপানৰ ইলেকট্ৰ’নিক কোম্পানী পেনাছনিকে ২৫ চহৰত ১ লাখ চাৰ্জিং ষ্টেচন স্থাপনৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে। ভাৰতত যি হাৰত ইলেকট্ৰনিক বাহন চলাচলৰ সংখ্যা বৃদ্ধি পাইছে তাৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যাপ্ত পৰিমাণে চাৰ্জিং ষ্টেচন স্থাপনৰ পৰিকল্পনা কৰিছে জাপানৰ কোম্পানীটোৱে। কোম্পানী পাৰ্কিং ষ্টেচন, মল, তেল ডিপো আদিত স্থাপন কৰিব চাৰ্জিং ষ্টেচন।কেন্দ্ৰীয় চৰকাৰৰ লক্ষ্য যে দেশত ২০৩০ চনলৈকে ২৫ৰ পৰা ৩০ শতাংশলৈকে ইলেকট্ৰ’নিক বাহনৰ সংখ্যা বৃদ্ধি পাওক যাতে কিছু পৰিমাণে হ্ৰাস পায় প্ৰদূষণ আৰু তাৰ বাবে বিশেষ পৰিকল্পনা কৰিছে চৰকাৰে।
প্ৰথম পৰ্যায়ত দিল্লী, পুণে, বাংগালুৰু, চেন্নাই, অমৰাৱতী, হায়দৰাবাদ, গুৰুগ্ৰাম, নয়দা আৰু গাজিয়াবাদত স্থাপন কৰা হ’ব চাৰ্জিং ষ্টেচন, ইয়াৰ পিছতে বৃদ্ধি কৰা হ’ব চাৰ্জিং ষ্টেচনৰ সংখ্যা।ই–বাহনৰ চাৰ্জিং ষ্টেচন খুলিবলৈ কোম্পানীয়ে বাতৰি কাকত অথবা ইণ্টাৰনেটত বিজ্ঞাপন মুকলি কৰিব আৰু এই বিজ্ঞাপনতে উল্লেখ থাকিব চৰ্তসমূহ। সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ বাবে খৰচ হ’ব প্ৰায় ৪ লাখ টকা। আৱাসিক এলেকাতো খুলিব পাৰিব চাৰ্জিং ষ্টেচন।