মঙলদৈত সাংবাদিক সন্থাৰ উদ্যোগত জিলা ভিত্তিত কৰ্মশালা

 05/20/2019 - 19:04

দলগাওঁঃ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিক আৰু এই সাংবাদিকসকলৰ ওপৰত বৰ্তমান সময়ত যি অন্যায় অত্যাচাৰ চলি আছে তাৰ প্ৰতি লক্ষ্য ৰাখি সদৌ অসম সাংবাদিক সন্থাৰ দৰং জিলা সমিতিৰ উদ্যোগত আজি দিন জোৰা কাৰ্যসূচীৰে মঙ্গলদৈ জিলা প্ৰাধিকাৰী আইন সেৱা কাৰ্যালয়ত এখনি কৰ্মশালা তথা আলোচনা চক্ৰৰ আয়োজন কৰে।

উক্ত চক্ৰত উপস্থিত থাকে জিলা প্ৰাধিকাৰী আইন সেৱাৰ সম্পাদক শ্ৰী মুকুল চেতিয়া, মঙলদৈৰ মুখ্য ন্যায়াধীশ ভি কে সিং, দৈনিক অসম কাকতৰ এডিটৰ পুলিন কলিতা,অসমীয়া প্ৰতিদিনৰ গুৱাহাটীৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত, মঙলদৈ আইন মহাবিদ্যালয়ৰ প্ৰৱক্তা লুতফুৰ জামানকে আদি কৰি বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিক সকল। আইনৰ বিষয়ে সমাজত আইনী বাৰ্তা প্ৰচাৰ কৰিবলৈ সাংবাদিক সকলক আহ্বান জনায় জিলা প্ৰাধিকাৰী আইন সেৱাৰ সম্পাদক মুকুল চেতিয়াই।

আনহাতে সাংবাদিকৰ জন্মৰ আঁৰৰ কথালৈকে আৰম্ভ কৰি সাংবাদিকৰ মৰ্যাদাৰ কথাও দাঙি ধৰিলে প্ৰবক্তা লুতফুৰ জামানে। সাংবাদিক সকলক যাতে আগলৈ আৰু কোনো দুষ্কৃতিকাৰীয়ে অন্যায় অত্যাচাৰ কৰিব নোৱাৰে তাৰবাবে সজাগ হৈ থকাৰ লগতে সামগ্ৰিক ভাৱে সকলোবোৰ কথাই আলোচনা কৰিলে দৈনিক অসমৰ পুলিন কলিতা আৰু অসমীয়া প্ৰতিদিনৰ প্ৰকাশ মহন্তই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।