নাৰী দিৱসৰ প্ৰাসংগিকতা

 03/08/2019 - 19:41

প্ৰত্যেক বছৰৰ দৰে এইবাৰো সমগ্ৰ বিশ্বই পালন কৰিব আন্তৰ্জাতিক নাৰী দিৱস। ৮ ৰ্মাচত পালন কৰা হয় এই দিৱস। আচলতে নাৰী দিৱস কি· কিয়নো পালন কৰিবলগীয়াহয় এই দিৱস· ১৯০০ চনৰ আৰম্ভণিতে নাৰীয়ে বিপ্লৱৰ সূচনা কৰিছিল। ১৯০৮ চনত প্ৰায় ১৫০০ মহিলাই নিউৰ্য়ক চহৰত নাৰীৰ ভোটদানৰ অধিকাৰ,পুৰুষ-মহিলা নিৰ্বিশেষে সমপৰ্য্যায়ৰ বেতন, কৰ্মক্ষেত্ৰত ছুটী আদি দাবী হিচাপে লৈ এক জাগৰন সৃষ্টি কৰিছিল। এই বিপ্লৱৰে সংগঠিত ৰূপ হ’ল আজিৰ আন্তৰ্জাতিক নাৰী দিৱস। আচলতে নাৰীক এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উচ্চ আসনত সুবিধা দিবৰ বাবে এই প্ৰচেষ্টা। বৰ্তমান যদি ভাৰতীয় নাৰীক চোৱা হয় যে তেওঁলোক কিমান সুৰক্ষিত· তেনেহ’লে ক’ব লাগিব যে দিল্লীৰ নিচিনা ৰাজধানী চহৰতো দৈনন্দিন সংঘটিত হৈ আছে নাৰীজনিত অপৰাধ।যদি অসমৰ প্ৰেক্ষাপটলৈ চাওঁ তেনেহ’লে দেখা যায় যৌতুকৰ বাবে নাৰীক শাৰীৰিক-মানসিক নিৰ্যাতন, হত্যা, ধৰ্ষণ, চিটি বাচত বা নিজৰ কৰ্মক্ষেত্ৰত অশালীন আচৰণ। আনকি শিক্ষানুষ্ঠানৰ দৰে পবিত্ৰ ভূমিতো নিজ শিক্ষকৰ দ্বাৰা নিৰ্যাতিত হোৱা ছাত্ৰীৰ বহু উদাহৰণো আছে এইখন অসমতেই। তেনেহ’লে কিমান সুৰক্ষিত নাৰী এই দিৱসৰ যুক্তিযুক্ততা ক’ত? ভাৰতবৰ্ষ যিহেতু ধৰ্মতান্ত্ৰিক দেশ, এই দেশত হিন্দু শাস্ত্ৰ মতে ভাৰতীয় নাৰীক দেৱীৰ স্থান দি পূজা কৰা হয়, যেনে— দুৰ্গা পূজা, সৰস্বতী পূজা, লক্ষ্মী পূজা আদি। যি দেশত নাৰীক পূজা কৰা হয় সেই দেশত নাৰীক লাঞ্চিত অৱহেলিতও কৰা হয় তেনেহ’লে পূজাৰ সাৰ্থকতা ক’ত? ভেলেণ্টাইন দে, চকলেট দে’ৰ নিচিনাই নে কি নাৰী দিৱস· কেৱল এদিনৰ বাবেই উদযাপিত হয় ? কিয় প্ৰত্যেকটো দিনেই সুৰক্ষিত হ’ব নোৱাৰে নাৰীৰ বাবে· বিজ্ঞান প্ৰযুক্তি, ৰাজনীতি, সমাজনীতি, অৰ্থনীতি আদি সকলো ক্ষেত্ৰতে সমভাৱে আগুৱাই যোৱাৰ পাছতো আজিৰ দিনতো কিয় অৱহেলিত নাৰী· তেনেহ’লে এই দিৱসৰ প্ৰাসংগিকতা ক’ত ? নাৰী-পুৰুষৰ মাজত থকা লিংগভিত্তিক বৈষম্যমূলক আচৰণৰ পৰা মুক্ত হৈ সকলোৱে একত্ৰিত হৈ সমভাৱে আগুৱাব পাৰিলেহে এই নাৰী দিৱস সাৰ্থক হ’ব।

অৰ্পণা শইকীয়া

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।