বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন

 05/20/2019 - 19:33

ৰঙাপৰাঃ ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত। অসম অৰুণাচল সীমান্তৰ ভালুকপুঙত বন্যহস্তীৰ আক্ৰমণত এজন ব্যক্তিৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে।

উল্লেখ্য যে ভালুকপুঙৰ চাপা চেন্টাৰত যোৱা নিশা ভালুকপুঙৰ বজাৰৰ পৰা বজাৰ সামৰি কামেশ্বৰ বাগলাৰী(৫০) নামৰ ব্যক্তিজন ঘৰলৈ আহি থকাৰ সময়ত পথত আগৰে পৰা ৰৈ থকা এটা বনৰীয়া হাতীয়ে আক্ৰমণ কৰাত লোকজনে কৰুন মৃত্যুক সাৱতি ল’বলগীয়া হয়।

ইপিনে কালি নিশা ৰঙাপৰাৰ তাৰাজুলী চাহ বাগিচাত বনৰীয়া হাতীয়ে জগন্নাথ মন্দিৰৰ বেৰা ভাঙে যদিও মন্দিৰৰ একো ক্ষয়ক্ষতি হোৱা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।