পলাশবাৰীত দুৰ্বিসহ জীৱনঃ ১৫ বছৰে অভিযোগ দিও গা লৰাৱ নোৱাৰিলে বিধায়ক প্ৰনৱ কলিতাৰ

 05/21/2019 - 12:31

পলাশবাৰীঃ পৰিৱৰ্তনৰ কথা কৈ শাসনৰ গাডীত বহা সোণোৱাল চৰকাৰে সৰ্বাংগীণ উন্নয়ন হোৱা বুলি যিমানেই ঢাক-ঢোল নবজাওক কিয় ৰাজ্যৰ বহু গ্ৰামাঞ্চলৰ জ্বলন্ত সমস্যাসমূহ যে আজিও নিৰ্মূল কৰিবলৈ সক্ষম হোৱা নাই তাৰেই এইবাৰ প্ৰতিফলন ঘটিল এসময়ৰ বাণিজ্যিক নগৰী ৰূপে পৰিচিত ঐতিহাসিক পলাশবাৰীৰ বিজয়নগৰৰ গাতে লাগি থকা কেইবাখনো গাঁৱত।

মণ্ডলপাৰাৰ পৰা উপৰহালী, দখলা যোৱা একমাত্ৰ যাতায়তৰ মূল পথটো মাত্ৰ এজাক বৰষুণতেই ভৰি পৰে। ফলত অঞ্চলটোৰ ৰাইজে একাঁঠু পানীৰে দৈনিক অহা-যোৱা কৰিব লগীয়া হয়। কি ৰোগী,কি স্কুলীয়া ছাত্ৰ-ছাত্ৰী,কি বয়োজ্যেষ্ঠ লোক সকলোৱে এই নদী সদৃশ পথছোৱাৰেই বিপদসংকুলভাৱে অহা-যোৱা কৰিবলগীয়া হয়।

ইফালে এই পথছোৱাৰ গাতে লাগি থকা পানীত ডুবু-ডুবু অৱস্থাত ট্ৰেন্সফৰ্মাৰটোৱে আনিছে ভয়ংকৰ বিপদৰ আগজাননী। বিদ্যুৎ পৰিবাহী হৈ থকা এই ট্ৰেন্সফৰ্মাৰ ওচৰেৰে পাৰ হৈ যায় বহুতো ছাত্ৰ-ছাত্ৰী। এই বিষয়ে ৰাইজে স্থানীয় বহুবল্কী বিজেপি বিধায়ক প্ৰনৱ কলিতাক বিগত বহু বছৰে লিখিত অভিযোগ দি আহিছে যদিও বিধায়ক কলিতাই আজি পৰ্যন্ত একো এটা গুৰুত্ব দিয়া নাই।

পলাশবাৰীৰ ৰাজহুৱা মেলে-মিটিংঙে সমষ্টিটোৰ কাম হোৱা বুলি আভুৱা ভাৰা এই গৰাকী বিধায়কে কেতিয়ালৈ এই সকল ৰাইজৰ আৰ্তনাদ বুজিবলৈ সক্ষম হ’ব সেইটোহে এতিয়া লক্ষণীয় হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।