নামৰূপঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ চতুর্থ ষান্মাসিকৰ ছাত্ৰ আৰু পদ্মনাথ গােহাঞিবৰুৱা ছাত্ৰাৱাসৰ নিৱাসী প্রজ্ঞানজ্যোতি পৰাশৰৰ অকাল মৃত্যুৱে বিশ্ববিদ্যালয়খনৰ লগতে নামৰূপত শােকৰ ছাঁ পেলাইছে।
জানিব পৰা মতে দেওবাৰে বিয়লি কেইবাজনাে বন্ধুৰ সৈতে স্কুটীৰে বগীবিল দলঙৰ দিশে ফুৰিবলৈ গৈ উভতি অহাৰ পথত স্কুটীৰ সৈতে পিছলি পৰি স্কুটীৰ পাছৰ আসনত বহি অহা প্রজ্ঞানজ্যোতি পৰাশৰ গুৰুতৰভাৱে আহত হয়। আনজন স্কুটীচালক সামান্য আঘাতপ্রাপ্ত হয়। পাছত দুয়ােকে ডিব্ৰুগড় অসামৰিক চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘােষণা কৰে।
ডিব্ৰুগড় জিলাৰ নামৰূপৰ বাসিন্দা আছিল প্ৰজ্ঞানজ্যোতি। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য,পঞ্জীয়ক, বিশ্ব বিদ্যালয় ছাত্র একতা সভা,আছু গোটৰ সমূহ সদস্যৰ লগতে সমূহ বিশ্ববিদ্যালয়ৰ পৰিয়ালে প্ৰজ্ঞানজ্যোতিক শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত ছাত্ৰজনৰ নশ্বৰ দেহ কালি বিয়লি ভাগত নামৰূপলৈ অনা হয়।
এক শোকাকূল পৰিৱেশৰ মাজত সন্ধিয়া পৰত প্ৰজ্ঞানজ্যোতিৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। অতি মেধাৱী,শান্ত-শিষ্ট,অমায়িক ছাত্ৰজনৰ অকাল মৃত্যুৱে নামৰূপবাসীক শোকাহত কৰি তুলিছে। মৃত্যুৰ সময়ত তেওঁ পিতৃ-মাতৃৰ লগতে এগৰাকী ভগ্নীক এৰি থৈ গৈছে।