ৰঙিয়াত অগ্নি আৰু আপদকালীন সেৱা কেন্দ্ৰৰ সজাগতা অনুষ্ঠান

 05/21/2019 - 13:39

ৰঙিয়া: সহজলভ্য সামগ্ৰী ব্যৱহাৰ কৰি কিদৰে বানত উটি গ'লে নিজৰ লগতে আনৰো জীৱন আৰু সা-সম্পত্তি ৰক্ষা কৰিব ইয়াকলৈ কালি ৰঙিয়া অগ্নি নিৰ্বাপক আৰু আপদকালীন সেৱা কেন্দ্ৰই এক সজাগতা অনুষ্ঠানৰ আয়োজন কৰে।

কালি দিনৰ ভাগত ৰঙিয়া আগ্নি নিৰ্বাপক বাহিনীৰ জোৱানসকলে প্লাষ্টিকৰ বটল, গেলন তথা আন পেলনীয়া সামগ্ৰীৰে কিদৰে লাইফ গাৰ্ড বনাই নিজকে ৰক্ষা কৰিব পাৰি তাক প্ৰদৰ্শন কৰে নৈপৰীয়া ৰাইজৰ মাজত। ৰঙিয়া চিৰাখুন্দি বৰলীয়া নৈৰ ৰে'লৱে ব্ৰীজ ঘাটৰ পৰা আৰম্ভ হোৱা এই সজাগতা অনুষ্ঠান প্ৰদৰ্শন কৰা হয় ৰঙিয়া ষ্টেডিয়াম ৰোড দলংঘাটলৈ।

ৰঙিয়াস্থিত কেন্দ্ৰ টোৰ জোৱানসকলে বিভিন্ন কলাকৌশলো প্ৰদৰ্শন কৰে। লগতে আস্থান বিষয়া জিতু বড়ো আৰু উপ আস্থান বিষয়া ব্ৰজেন্দ্ৰনাথ কলিতাই ৰাইজক উদ্দেশ্যি সজাগতামূলক ব্যাখ্য আগবঢ়ায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।