মৰিগাঁওঃ মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত গৰাখহনীয়াগ্ৰস্ত বিদ্যালয় তুলসীবড়ী এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক দিলোৱাৰ হুছেইনে ২০১৮বৰ্ষত ছাত্র-ছাত্ৰীসকলক ইউনিফৰ্মৰ পৰা বঞ্চিত কৰি ইউনিফৰ্মৰ নামৰ আৱণ্টিত ধন আত্মসাৎ কৰাৰ অভিযোগত আজি ছাত্র-ছাত্ৰীৰ অভিভাৱকসকলৰ লগতে অঞ্চলটোৰ সচেতন ৰাইজে বিদ্যালয় চৌহদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
পৰৱৰ্তী সময়ত অভিভাৱকসকলৰ কথামতে প্ৰধান শিক্ষকগৰাকীয়ে অতি শীঘ্ৰেই ছাত্র-ছাত্ৰীসকলক ইউনিফৰ্মৰ যোগান দৰিব বুলি লিখিত প্ৰতিশ্ৰুতি দিয়াত শান্ত হয় অভিভাৱকসকল।
উল্লেখ্য যে বিগত বৰ্ষত ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াত জাহ যায় বিদ্যালয়খন পৰৱৰ্তী সময়ত বিদ্যালয়খন স্থানান্তৰিত কৰি তিনিচুকীয়া হাইস্কুল পথাৰত স্থাপন কৰা হয়। বিদ্যালয়খন স্থানান্তৰিত কৰাৰ সময়ত পুৰণি বিদ্যালয়ৰ বিভিন্ন সামগ্ৰী টিনপাত,কাঠ,লো ইত্যাদি গোপনে বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে। এনে শিক্ষকৰ ওপৰত শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সয়মত হে লক্ষণীয় হ’ব।