উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত পণ্ডিত আনন্দৰাম বৰুৱাৰ ১৬৯ সংখ্যক জন্মবাৰ্ষিকী উদযাপন

 05/21/2019 - 14:32

গুৱাহাটীঃ প্ৰথম অসমীয়া প্ৰশাসনিক বিষয়া(আই.চি.এছ.),অসমৰ প্ৰথম স্নাতক আনন্দৰাম বৰুৱাৰ জন্ম উত্তৰ গুৱাহাটীত হৈছিল। তেখেত মজিন্দাৰ বৰুৱাৰ পৰিয়ালৰ গৰ্গৰাম বৰুৱাৰ সন্তান আছিল। মাতৃৰ নাম দুৰ্লভেশ্বৰী বৰুৱা। গৰ্গৰাম বৰুৱাৰ চাৰি গৰাকী সন্তানৰ তৃতীয়জন আছিল আনন্দৰাম বৰুৱা। পণ্ডিত প্ৰৱৰ আনন্দৰাম বৰুৱাৰ আজি ১৬৯ সংখ্যক জন্মজয়ন্তী।

১৮৫০ চনৰ ২১ মে দিনটোতে পণ্ডিত প্ৰৱৰ আনন্দৰাম বৰুৱাই উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰত জন্ম গ্ৰহণ কৰিছিল। শংকৰদেৱ শিশু নিকেতন, উত্তৰ গুৱাহাটীৰ সমূহ ছাত্র-ছাত্ৰী আৰু আচাৰ্য-আচাৰ্যাৰ লগতে নিকেতনৰ পৰিচালনা সমিতিয়ে আজি প্ৰাৰ্থনা সভাত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেখেতৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰে উপ প্ৰধান আচাৰ্য জগদীশ শৰ্মাই।

প্ৰধান আচাৰ্য উৎপল তালুকদাৰে সঞ্চালন কৰা এই সভাত নিকেতন পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে আনন্দৰাম বৰুৱাৰ বিষয়ে বিতংভাৱে ছাত্র-ছাত্ৰী সকলক কয়।তেখেতে আনন্দৰাম বৰুৱাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ অধ্যয়নৰত মানৱ সম্পদৰূপী ছাত্ৰ-ছাত্ৰীসকলৰ পৰা দ্বিতীয় এগৰাকী আনন্দৰাম বৰুৱা সৃষ্টি হোৱাটো আশা কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।