তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত উদয়পুৰ কথা গাঁৱত বৰ্বৰ হত্যাকাণ্ডঃ চাৰিজন লোকৰ নিৰ্মম প্ৰহাৰত প্ৰাণ গ’ল এজন ব্যক্তিৰ

 01/03/2021 - 17:44

 

 


জাগুনঃ তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত উদয়পুৰ কথা গাঁৱত সংঘটিত হৈছে এক বৰ্বৰ হত্যাকাণ্ড। 28 ডিচেম্বৰৰ নিশা চাৰিজন লোকৰ নিৰ্মম প্ৰহাৰত প্ৰাণ হেৰুৱাব লগা হল এজন ব্যক্তিয়ে। ঘটনাৰ বিৱৰণ অনুসৰি পাত্রাচ মুৰা (35) নামৰ ব্যক্তিজনৰ বাসগৃহত সন্ধিয়া চাৰিজন লোক প্ৰৱেশ কৰে আৰু তাতেই উপস্থিত আছিল এগৰাকী নেপালী সম্প্ৰদায়ৰ মহিলা। মহিলা গৰাকীক চাৰিজন ব্যক্তিয়ে নাচিবলৈ জোৰ কৰাত অমান্তি হোৱাত মহিলা গৰাকীক চাৰিজনৰ এজনে গতিয়াই দিয়ে। তেতিয়া পাত্ৰচ মুৰাই উভতি ধৰাত গোটেই কেইজনে মিলি মুৰাক বেয়াকৈ প্ৰহাৰ কৰে।

মুমূৰ্ষ অৱস্থাত আটাইকেইজনে মিলি মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ লৈ গৈছিল যদিও পাত্ৰচ মুৰাই মৃত্যুক সাৱটি লয়। তাৰপাছত এই কথা লুকুৱাবৰ বাবে মৃতকৰ পত্নীক হেঁচা প্ৰয়োগ কৰি এই কথা কাকো নজনাবৰ বাবে কৈ মৃতদেহ কথা গাঁৱৰ কাষতে থকা ঘন হাবিত পুতি থয়। কিন্তু এই কথা মাৰ্ঘেৰিটা আদিবাসী ছাত্ৰ সন্থাই গম পায় চৰ জমিন তদন্ত আৰম্ভ কৰে। আৰু এই কথা সত্য প্ৰমাণিত হোৱাত লেখাপানী আৰক্ষী থানাত এক গোচৰ ৰুজুৰৰ ভিত্তিত হত্যাকাৰী তিনিজন ক্ৰমে চানু লিম্বু, বিশাল ভূজেল আৰু কালে মাঝিক আটক কৰিবলৈ সক্ষম হয়।

কমল সিং নামৰ এজন পলাতক অৱস্থাত আছে। আজি হত্যাকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত মাৰ্ঘেৰিটা দণ্ডাধীশৰ উপস্থিতিত লেখাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পুৰঞ্জয় বৰাৰ নেতৃত্বত যোৱা এটা দলে মৃতদেহ পুতি থোৱা ঠাইৰ পৰা খান্দি উলিয়াবলৈ সক্ষম হয়।বৰ্তমান মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা কৰা হৈছে। সমগ্ৰ ঘটনাটো সন্দৰ্ভত মৃতকৰ পত্নীয়ে ভাষ্য প্ৰদান কৰাৰ লগতে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনায় আদিবাসী ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি জাৰ্নেল মিনজে। অপৰাধী কেইজনক জেল হাজোতলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণৰ লগতে পলাতক জনৰ সন্ধানত ব্যস্ত হৈ পৰিছে লেখাপানী আৰক্ষী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.