ডিজিটেল ডেস্কঃ ৰাফেল চুক্তি চুৰি হোৱা বুলি সমগ্ৰ দেশতে হৈ চৈৰ সৃষ্টি হোৱাৰ পাছত এইবাৰ আহিছে আন এক খবৰ। ৰাফেল চুক্তি বোলে চুৰি হোৱা নাই। এইবাৰ এই গুৰুত্বপূৰ্ণ মন্তব্য কৰি সকলোৰে চকু কপালত তুলিছে এটৰ্ণী জেনেৰেল কে কে বেণুগোপালে। ৰাফেল চুক্তি প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ পৰা চুৰি হোৱা বুলি দুদিন পূৰ্বে উচ্চতম ন্যাায়ালয়ক অৱগত কৰাৰ পাছত শুকুৰবাবে এটৰ্ণী জেনেৰেল কে কে বেণুগোপালে নিজৰ পূৰ্বৰ কথা সলনি কৰা পৰিলক্ষিত হৈছে।
এটৰ্ণী জেনেৰেলগৰাকীয়ে নতুনকৈ দাবী কৰা মতে ৰাফেল চুক্তিৰ কোনো নথি চুৰি হোৱা নাই। উচ্চতম ন্যায়ালয়ত তেওঁ কৰা মন্তব্যৰ ভুল ব্যাখ্যা কৰা হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে তেওঁ উচ্চতম ন্যায়ালয়ত ক’ব বিচৰা কথাৰ অৰ্থ কেৱল এয়াই আছিল যে ৰাফেল চুক্তিৰ ৰায় পুনৰ বিচাৰৰ বাবে আবেদনকাৰীয়ে কৰা আবেদনত প্ৰকৃত নথিসমূহৰ ফটোকপি ব্যৱহাৰ কৰা হৈছিল, যিখিনি নথি চৰকাৰে গোপনীয় বুলি ভাবি আহিছে। উল্লেখ্য যে উচ্চতম ন্যায়ালয়ত বুধবাৰে কে কে বেণুগোপালে ৰাফেল চুক্তিৰ ফাইল চুৰি হোৱা বুলি মন্তব্য কৰাৰ পিছতে ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
কংগ্ৰেছকে ধৰি বিৰোধীৰ কেইবাজনো শীৰ্ষ নেতাই এই চুৰি কাণ্ডৰ আঁৰত নৰেন্দ্ৰ মোডী চৰকাৰ জড়িত থকা বুলি অভিযোগ তুলি ইয়াৰ তদন্ত দাবী কৰে। আনফালে ৰাফেল কেলেংকাৰীৰ পৰা প্ৰধানমন্ত্ৰীক সুৰক্ষিত কৰি ৰখাৰ বাবেও এই চুৰি কাণ্ড সংঘটিত কৰা বুলি দাবী কৰে বিৰোধীয়ে। ইফালে শুকুৰবাৰে কে কে বেণুগোপালে পৰোক্ষভাৱে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাই কয়, ‘মই জানিব পাৰিছো যে বিৰোধীয়ে উচ্চতম ন্যায়ালয়ত প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ পৰা ৰাফেল চুক্তিৰ ফাইল চুৰি হোৱা বুলি অভিযোগ তুলিছে। কিন্তু এয়া সম্পূৰ্ণৰূপে মিছা। ফাইল চুৰি হোৱা বুলি বিৰোধীয়ে কৰা মন্তব্য সম্পূৰ্ণ ৰূপে ভুৱা।’