৬ দিনে সন্ধান নোলাল শিৱসাগৰৰ নিৰুদ্দিষ্ট অভিযন্তাৰ: আৰক্ষী অধীক্ষকক তদন্ত ক্ষীপ্ৰ কৰাৰ দাবী পৰিয়ালৰ

 05/21/2019 - 15:24

শিৱসাগৰ: এনআৰচিৰ কামৰ বোজা সহিব নোৱাৰি আত্মহত্যাৰ টোকা লিখি শিৱসাগৰত নিৰুদ্দিষ্ট হোৱা সহকাৰী কাৰ্যবাহী অভিযন্তাৰ সন্ধান ওলোৱাত ব্যৰ্থ হৈছে প্ৰশাসন। শিৱসাগৰ আৰক্ষীৰ তদন্তত অসুখী নিৰুদ্দিষ্ট অভিযন্তা দিগন্ত শইকীয়াৰ পৰিয়ালবৰ্গ৷ ই এক অপহৰণৰ ঘটনা বুলি পৰিয়ালে সন্দেহ প্ৰকাশ কৰিছে৷ তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰাৰ বাবে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত দাবী জনাইছে পৰিয়ালে৷

এনআৰচিৰ ভিতৰৰ কোনো দুষ্টচক্ৰই শইকীয়াৰ ক্ষতি কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ৷ এনআৰচিৰ কামৰ বোজা সহিব নোৱাৰো বুলি আত্মহত্যাৰ টোকা লিখি শিৱসাগৰত এগৰাকী জলসম্পদ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা সন্ধানহীন হোৱাৰ ঘটনাৰ ৬ টা দিন অতিবাহিত কৰিলে যদিও আজি পৰ্যন্ত কোনো শুংসূত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।

সন্ধানহীন দিগন্ত শইকীয়া নামৰ অভিযন্তাগৰাকীৰ পত্নী আৰু পৰিয়ালৰ লোকে সোমবাৰে আৰক্ষী অধীক্ষক লগ কৰি এইটো এটা অপহৰণৰ ঘটনা বুলি সন্দেহ প্ৰকাশ কৰে৷ শিৱসাগৰৰ জলসম্পদ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দিগন্ত শইকীয়া সন্ধানহীন হোৱা আজি ৬ টা দিন অতিবাহিত কৰিলে। এগৰাকী নিষ্ঠাবান বিষয়া হিচাবে পৰিচিত অভিযন্তাজন এনআৰচিৰ কামত জড়িত আছিল।

বিভাগীয় আবাসীক গৃহত থকা বিষয়াজন যোৱা ১৫ মে' বুধবাৰে এনআৰচিৰ কামলৈ যোৱা নাছিল। কিন্তু মঙলবাৰে সন্ধ্যা পৰ্যন্ত নিজ কৰ্তব্যত উপস্থিত আছিল তেওঁ। এই সন্দৰ্ভত অধিক সন্ধান কৰাত অভিযন্তাজনে ডাইনিং টেবুলৰ ওপৰত এখন কাগজ তেওঁৰ ম'বাইল ফোনটোৰে ঢাকি থৈ যোৱা প্ৰত্যক্ষ কৰে সকলোৱে। এই কাগজখন আছিল এখন আত্মহত্যাৰ টোকা অৰ্থাৎ ছুইচাইড নোট। ইয়াৰ পিছতে এক হুৱাদুৱা পৰিবেশৰ সৃষ্টি হয়।

পত্নী আৰু এগৰাকী ৭ বছৰীয় কন্যা সন্তানৰ পিতৃ অভিযন্তাগৰাকীক লৈ শংকিত পত্নী আৰু পৰিয়ালৰ লোকে সোমবাৰে আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি এই ঘটনা এক অপহৰণৰ ঘটনা বুলি সন্দেহ প্ৰকাশ কৰিছে। এগৰাকী দক্ষ জলসম্পদ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাই এনেদৰে আত্মহত্যাৰ টোকা লিখি সন্ধানহীন হোৱা ঘটনাৰ প্ৰকৃত কাৰণ কি সেই সন্দৰ্ভত আজিও প্ৰশাসনে উদঘাটন কৰিব নোৱাৰাতো আশ্চৰ্যৰ বিষয় হৈ পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।