ঐশ্বৰ্য্যক জোকাই ককৰ্থনাৰ সন্মুখীন বিবেক

 05/21/2019 - 15:36

ডিজিটেল ডেস্কঃ বিতৰ্কত সোমাই পৰিছে অভিনেতা বিবেক অবেৰয়। এগজিট প’ল, অপেনিয়ন প’ল আৰু ফলাফলৰ সন্দৰ্ভত ঐশ্বৰ্য্য ৰায়ৰ এখন মিম ফটো ৰি-টুইট কৰিছিল অভিনেতাগৰাকীয়ে।লগালগ মিমটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে আৰু বিতৰ্কত সোমাই পৰিল বিবেক।

মঙলবাৰে পুৱা অভিনেতাগৰাকীয়ে পূৰ্বৰ টুইটটো ডিলিট কৰি ইয়াৰ বাবে ক্ষমা বিচাৰে।বিবেকে স্বীকাৰ কৰে যে তেওঁ যি কৰিলে সেয়া ভুল। অভিনেতাগৰাকীয়ে এনে টুইট কৰা কাৰ্যৰ বিৰুদ্ধে বলিউডৰ আন সহ-অভিনেতাৰ পৰা ককৰ্থনাৰ সন্মুখীন হৈছিল। অভিনেতাগৰাকীক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল জ্যেষ্ঠ অভিনেতা-অভিনেত্ৰীসকলেও।আনকি ৰাষ্ট্ৰীয় মহিলা আয়োগৰ পৰা জাননীও দিয়া হৈছিল অভিনেতাগৰাকীলৈ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।