বৰপেটাত মৃত ব্যক্তিৰ বিৰুদ্ধে সন্দেহজনক নাগৰিক হোৱাৰ অভিযোগ

 05/21/2019 - 16:21

বৰপেটা: এজন মৃত ব্যক্তিৰ বিৰুদ্ধে সন্দেহজনক নাগৰিক হোৱাৰ অভিযোগ৷ হয়, বৰপেটাৰ সৰ্বত্ৰে এতিয়া চৰ্চা লাভ কৰিছে এই বিষয়টোৱে৷ প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছেগৈ ৰাজ্যৰ এনআৰচি উন্নীতকৰণৰ কাম৷ যুদ্ধকালীন ক্ষীপ্ৰতাৰে চলিলে এনআৰচিত অন্তৰ্ভুক্ত নামৰ বিপৰীতে দাখিল হোৱা সন্দেজনক নাগৰিক অভিযোগৰ শুনানী প্ৰক্ৰিয়া৷ কিন্তু প্ৰকৃতাৰ্থত এই অভিযোগৰ সুবিধাৰ সদ ব্যৱহাৰ কিমান হ'ল সেইটোহে এতিয়া গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে৷

অভিযোগৰ অচিলাৰে কেৱল মাত্ৰ হাৰাশাস্তিৰ সন্মুখীন হ'ল লক্ষ লক্ষ খিলঞ্জীয়া-অসমৰ অসমীয়া৷ তাৰোপৰি অভিযোগকাৰীৰ পৰিচয়ৰ নামত কেৱল মাত্ৰ এটা নাম, তাৰবাবে নাই কোনো পৰিচয়-মাৰফৎ৷ অমুক গলিৰ অমুকৰ নামত সন্দেহজনক বিদেশীৰ অভিযোগ দাখিল থিকেই হ'ল, অমুকে অংশগ্ৰহণো কৰিলে শুনানী প্ৰক্ৰিয়াত৷ কিন্তু উপস্থিতহে নহ'ল অভিযোগকাৰী৷

সাধাৰণ ৰাইজ, কিনো প্ৰতিবাদ কৰিব! শুনানীও দিলে, অভিযোগকাৰীৰ পৰিচয় অবিহনে উভতিও আহিল৷ অভিযোগ মিছা হ'লে অভিযোগকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'ব পৰা সুবিধাৰ পৰাও বঞ্চিত ভুক্তভোগী৷ ৰাজ্যৰ এনআৰচি প্ৰক্ৰিয়াত এইখন এতিয়া এক সুলভ ছবি৷ বৰপেটাত হোৱা অভিযোগৰ এই খবৰ ইয়াতকৈও আমোদজনক৷

কোনো ঠিকনাবিহীন সমাজ সচেতনে অভিযোগ দাখিল কৰিলে মৃত ব্যক্তিৰ নামতো৷ দিনদিয়েক পূৰ্বে বৰপেটা চহৰৰ মুছলিমপট্টি নিৱাসী এটা পৰিয়াললৈ এনআৰচি কৰ্তৃপক্ষৰ পৰা আহিল এক জাননী৷ শুনানীত হাজিৰ হ'ব লাগে৷ তেওঁলোকৰ পৰিয়ালৰ প্ৰয়াত সদস্য আব্দুল খালেকৰ বিৰুদ্ধে দাখিল হৈছে সন্দেহজনক নাগৰিক হোৱাৰ অভিযোগ৷ জাননী পাই হতবাক পৰিয়াল৷ উল্লেখ্য যে মুছলিমপট্টি বাসিন্দা আব্দুল খালেকৰ এনআৰচি প্ৰক্ৰিয়াত নাম অন্তৰ্ভুক্তৰ আবেদন দাখিলৰ পিছত বিগত ২০১৬ বৰ্ষৰ ১২ মাৰ্চত হৈছিল দেহাৱসান৷

 দ্বিতীয়তে অভিযোগ দাখিল হ'ল তেওঁলোকৰ পৰিয়ালৰ এগৰাকী প্ৰয়াত সদস্যৰ বিৰুদ্ধেহে৷ ঘৰখনত ৪-৫ জনকৈ জীৱিত সদস্য থকাৰ পিছতো মৃত ব্যক্তিৰ নামত অভিযোগ দাখিল হ'ল কিয়? ২০ মে'ত আছিল পৰিয়ালয়টোৰ শুনানী৷ অংশগ্ৰহণ কৰিলে পৰিয়ালটোৱে৷ কিন্তু শুনানী প্ৰক্ৰিয়াত উপস্থিত নহ'ল অভিযোগকাৰী৷

পৰিচয় জানিবলৈ বিচৰাত সংশ্লিষ্ট বিষয়াই জনালে কেৱল এটা নাম, নাই কোনো ঠিকনা-মাৰফৎ৷ জনৈক দিব্যজ্যোতি দাসে দাখিল কৰিছে অভিযোগ৷ এই নামমাত্ৰ তথ্য লৈয়ে উভিতবলগীয়া হ'ল পৰিয়ালটো৷ বঞ্চিত হ'ল আইনী ব্যৱস্থা লোৱা সুবিধাৰ পৰাও৷ তথাপিও মিছা অভিযোগত হাৰাশাস্তি খোৱা পৰিয়ালটোৱে কামনা কৰিছে এনআৰচি প্ৰক্ৰিয়া শুদ্ধ ৰূপত সম্পন্ন হোৱা৷

অনাগত দিনতো পূৰ্ণ সহযোগৰ কথাও কৈছে পৰিয়ালটোৱে৷ কিন্তু প্ৰশ্ন হয় অভিযোগৰ সুবিধাৰ অপব্যৱহাৰৰ এইচাম জনৈক পৰিচয়ৰ দুষ্টচক্ৰই সাহস কেনেকৈ পালে? এই দুষ্কাৰ্যৰ অন্তৰালত লুকাই আছে নেকি কিবা বৃহৎ ৰাজনৈতিক অভিসন্ধি? এনআৰচিক বিফল কৰাৰ চলিছে নেকি ব্লুপ্ৰিণ্ট?

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।