বিলাসীপাৰা: সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ চিৰাকুটা, টিলাপাৰা, জমদুৱাৰ, চৰুৱাবাখৰা আদি অঞ্চলৰ চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক দেওবাৰে চিৰাকুটা বজাৰত আয়োজিত এক বিশেষ অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। সোনামুখী শিক্ষা উদ্দীপনা সমিতিৰ সভাপতি তথা চিৰাকুটা অঞ্চলৰ বিশিষ্ট সমাজ সেৱক আইউব উদ্দিন আহমেদৰ নেতৃত্বত দেওবাৰে বিয়লি চিৰাকুটা বজাৰত অনুষ্ঠিত হয় এখন সম্বৰ্ধনা অনুষ্ঠানৰ। উক্ত সম্বৰ্ধনা অনুষ্ঠানতেই অঞ্চলসমূহৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক ফুলাম গামোচা, মহৎ লোকৰ জীৱনী, কলম আদিৰে সম্বৰ্ধনা জনোৱা হয়।
অনুষ্ঠানত উপস্থিত থাকে ধুবুৰী জিলাৰ জ্যেষ্ঠ শিক্ষাবিদ আইউব উদ্দিন আহমেদ। শিক্ষাবিদজনে অনুষ্ঠানত উপস্থিত হৈ সকলো পৰ্যায়ৰ শিক্ষাৰ্থীৰ উদ্দেশ্যে বহুমূলীয়া ভাষণ প্ৰদান কৰে। অনুষ্ঠানত আৰু উপস্থিত থাকে ক্ৰিছেন্ট একাডেমীৰ পৰিচালন সঞ্চালক তথা যুৱ সাংবাদিক ওছমান গনি। অনুষ্ঠানত গণিয়ে কৃতী ছাত্ৰ-ছাত্ৰীসকলৰ সাফল্যমণ্ডিত জীৱন কামনা কৰি এক চমু ভাষণ আগবঢ়ায়।
পশ্চিম শালকোচা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল কাদেৰ চাহাবৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত বিশেষভাৱে সহায় আৰু সহযোগ আগবঢ়ায় জমদুৱাৰ অঞ্চলৰ উদীয়মান শিক্ষক মকিবৰ ৰহমান, জাকিৰ হুচেইন, ছাদ্দাম হুছাইন, আব্দুল মান্নাফ পৰামাণিক আৰু ৰফিকুল ইছলামে। অনুষ্ঠানটো পৰিচালনা কৰাত বিশেষভাৱে সহায় কৰে অঞ্চলটোৰ স্থানীয় যুৱক নূৰ হুছেইন, আলতাফ হুছেইন আৰু আহিজুল ইছলামে।
উল্লেখ্য যে যোৱা বছৰ ধুবুৰী জৱাহৰ নবোদয় বিদ্যালয়ৰ বাছনি পৰীক্ষাত নিৰানব্বৈ শতাংশ নম্বৰ লাভ কৰা বেদবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আইউব উদ্দিনৰ পুত্ৰ আব্দুল আলিমকো এইখন সভাত সম্বৰ্ধনা জনোৱা হয়।
স্মৰ্তব্য যে শিক্ষাৰ ক্ষেত্ৰত এক প্ৰকাৰৰ পিছপৰা অঞ্চলটোৰ পৰা সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহুকেইগৰাকী শিক্ষাৰ্থীয়ে ভাল ফলাফল লৈ উত্তীৰ্ণ হোৱাত চিৰাকুটা, জমদুৱাৰ, টিলাপাৰা আদি অঞ্চলত সৃষ্টি হৈছে আনন্দ আৰু উৎসৱমুখৰ পৰিৱেশ।