কোকৰাঝাৰ: বিটিএডিৰ কোকৰাঝাৰ থানাৰ সমীপত অস্থায়ীভাৱে দীৰ্ঘদিন ধৰি বসবাস কৰি অহা সুদুৰ বিহাৰৰ দ্বাৰভাঙ্গা জিলাৰ লোক এজন ৰহস্যজনকভাৱে ৰে'লৰ পৰা সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৰহস্যজনকভাৱে সন্ধানহীন হোৱা লোকজনক বিহাৰৰ দ্বাৰভাঙ্গা জিলাৰ বিন্দা সাহানী (৫৯) বুলি জানিব পৰা গৈছে৷
জানিব পৰা মতে যোৱা ১৫ মে'ত বিন্দা সাহানীয়ে বিহাৰৰ দ্বাৰভাঙ্গাত থকা নিজ ঘৰলৈ যোৱাৰ বাবে কোকৰাঝাৰ ৰে'লৱে ষ্টেচনৰ পৰা নামনিমুৱা নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে'লেৰে যাত্ৰা আৰম্ভ কৰে৷ কিন্তু লোকজনে পাঁচ দিনেও বিহাৰৰ দ্বাৰভাঙ্গাত থকা নিজ ঘৰত উপস্থিত নোহোৱাত পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে৷ ইপিনে সন্ধানহীন হোৱা লোকজনৰ পুত্ৰ ৰাম দয়াল সাহানীয়ে ঘটনা সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানা আৰু আৰপিএফৰ কাষ চাপিও দেউতাকৰ খবৰ নোপোৱাত মানসিকভাৱে ভাগি পৰে৷
অৱশেষত উপায়হীন হৈ পুত্ৰ ৰাম দয়াল সাহানীয়ে সাংবাদিকৰ কাষ চাপে৷ উল্লেখ্য যে কোকৰাঝাৰ চহৰৰ ফুটপাথত চানা বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া বিন্দা সাহানীয়ে নৰ্থ ইষ্ট এক্সপ্ৰেছযোগে বিহাৰৰ নিজ ঘৰলৈ বুলি যাত্ৰা আৰম্ভ হোৱাৰ পথতে ৰে'লৰ পৰাই সন্ধানহীন হোৱাত পত্নী, পুত্ৰ আৰু কন্যাই মানসিকভাৱে ভাগি পৰিছে৷