ৰঙাপৰাত বাঁহৰ দলঙেৰে বিপদসংকুল যাতায়ত ৰাইজৰ

 03/09/2019 - 15:03

ৰঙাপৰাঃ ৰঙাপৰা সমষ্টিত আজিও একাংশ ৰাইজে দুৰ্ভাগ্যজনকভাৱে বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে। নদীৰ ওপৰত পকী দলং নথকাৰ ফলত স্থানীয় ৰাইজে নিজে গাঁঠিৰ ধন ভাঙি বাঁহৰ দলং নিৰ্মাণ কৰি ল’বলগীয়া হৈছে।

ৰঙাপৰা নগৰৰ সমীপৱৰ্তী ৰঙাপৰা চাহ বাগিচাৰ ৰূপাজুলি ভাঙাবিল আৰু খেৰনীবস্তি সংযোগী পথছোৱাত থকা ডিপোটা নদীখনৰ ওপৰত আজিলৈকে এখন পকী দলং নিৰ্মাণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে বাঁহৰ দলঙেৰে যাতায়ত কৰিবলগীয়া হৈছে। দীৰ্ঘদিনৰ পৰা অঞ্চলটোৰ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে বিপদসংকুলভাৱে অহা-যোৱা কৰি আহিছে।

নৈখনৰ ওপৰত ৰাজ্য চৰকাৰৰ জনপ্ৰতিনিধিসকলে পকী দলঙৰ ব্যৱস্থা কৰি নিদিয়াৰ ফলত স্থানীয় ৰাইজে দান-বৰঙনি সংগ্ৰহ কৰি নিজাববীয়াকৈ বাঁহৰ দলং সাজি ল’বলৈ বাধ্য হৈছে। ইফালে বাঁহৰ দলঙখনৰ পৰা পৰি কেইবাগৰাকী ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।