বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ নমুনা: নিৰ্মাণৰ পিছতেই জহি-খহি গৈছে নৱনিৰ্মিত পথ

 05/21/2019 - 20:05

লংকা: পৰিৱৰ্তন, পৰিৱৰ্তন আৰু পৰিৱৰ্তন। বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ নমুনা। পথ নিৰ্মাণ কৰিছে কিন্তু নিৰ্মাণৰ পিছতে জহি-খহি যাব ধৰিছে নতুনকৈ নিৰ্মাণ কৰা পথ। এই দৃশ্য লংকাৰ। পথ নিৰ্মাণৰ বাবে ধন আবণ্টিত হৈছে ঠিকেই কিন্তু আবণ্টিত ধনৰ যেন সঠিক প্ৰয়োগ হোৱা নাই এই পথসমূহত। পথ নিৰ্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত এইদৰেই নিৰ্মাণৰ এমাহ সম্পূৰ্ণ নৌহওঁতেই এইদৰে জহি-খহি যোৱাৰ উপক্ৰম হৈছে নৱনিৰ্মিত পথ।

আগন্তুক বাৰিষাৰ পূৰ্বে লংকাৰ বাট পথসমূহ সম্পূৰ্ণ হোৱাৰ বাবে গড়কাপ্তানী বিভাগে তীব্ৰ গতিত নিৰ্মাণ কৰিছে পথসমূহ। কিন্তু লংকাৰ ৭ নং ৱাৰ্ডৰ সাৰদানন্দ পথছোৱা নিৰ্মাণৰ পিছতেই এই ৰূপ লোৱাত এতিয়া চিন্তিত হৈ পৰিছে অঞ্চলবাসী। নিৰ্মাণৰ পিছতেই নৱনিৰ্মিত পথে লৈছে এই ৰূপ। পথ নিৰ্মাণত নিম্ন সামগ্ৰী ব্যৱহাৰ কৰিছে বিষয়া-ঠিকাদাৰে। ইফালে আকৌ লংকাৰ ২ নং ৰে'ল গেটৰ পৰা বাইপাছ সংযোগী পথছোৱাৰো অৱস্থা একেই।

দ্ৰুতগতিত আগবাঢ়িছে পথ নিৰ্মাণৰ কাম। কিন্তু এই দৃশ্য চালে আপুনি বুজিব পাৰিব আচলতে কেনেধৰণৰ নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মিত হৈছে পথ। পথ নিৰ্মাণত ব্যৱহৃত এইসমূহ ব্লক অতি নিম্নমানৰ হোৱাৰ বাবে পথ নিৰ্মাণৰ পিছতেই এইদৰেই ব্লকসমূহৰ প্ৰলেপ এৰি যায়। আনহাতে আকৌ বৰ্তমান ৰাস্তাত পানী নিদিয়াৰ ফলত ধূলিময় পৰিৱেশৰো সৃষ্টি হৈছে। ফলত যাতায়তৰ ক্ষেত্ৰত এক যমৰ যাতনা ভোগ কৰিব লগা হৈছে ৰাইজে।

কিন্তু এই ক্ষেত্ৰত স্থানীয় লোকে গড়কাপ্তানী বিভাগৰ বিষয়া কৰ্মচাৰীক পথ নিৰ্মাণত সংঘটিত হোৱা অনিয়মৰ বিষয়ে অভিযোগ কৰিছে যদিও এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। লগতে বিষয়া আৰু ঠিকাদাৰৰ গোপন বুজাবুজি আছে বুলিও স্হানীয় ৰাইজে অভিযোগ কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।