সাহিত্য জগতত জিলিকিছে উত্তৰ গুৱাহাটীৰ বিদিতা ভট্টাচাৰ্য

 05/21/2019 - 20:17

গুৱাহাটী: উত্তৰ গুৱাহাটীবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে বিদিতা ভট্টাচাৰ্যই। কলমক নিজৰ জীৱনৰ আদৰ্শ হিচাপে লৈ সাহিত্য চৰ্চাৰ পথাৰত খোজ দিয়া বিদিতা ভট্টাচাৰ্যক যোৱা ১৪ মে'ৰ দিনা গুৱাহাটীস্থিত সাংস্কৃতিক প্ৰকল্প মাছখোৱাত শুভাকাংক্ষীৰ বিশেষ মৌময় শব্দৰ মালিতাৰে অন্তৰংগ আলাপ আৰু সম্বৰ্ধনা অনুষ্ঠানত 'নৱ প্ৰজন্মৰ জনপ্রিয় কবি'ৰ সন্মান প্ৰদান কৰা হয়।

শুভাকাংক্ষীৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা অসম সাহিত্য সভাৰ সভাপতি ড: পৰমানন্দ ৰাজবংশীয়ে কবিগৰাকীক এই সন্মান প্ৰদান কৰে। উল্লেখ্য যে নৱপ্ৰজন্মৰ কবিগৰাকী কটন বিশ্ববিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ছাত্রী।

তেওঁৰ প্ৰথমখন কবিতা পুথি "মুক্তি"ৰ দ্বাৰা নাৰী জীৱনৰ মনৰ দলিছাত বন্ধ কৰি থকা তেজাল অনুভূতিবোৰ শব্দৰ মায়াৰে প্ৰকাশ পাইছিল। অসমৰ সাহিত্যপ্ৰেমী ৰাইজে ইতিমধ্যে তেওঁৰ লিখনীসমূহ আগ্রহেৰে আদৰি লৈছে।

বিদিতা ভট্টাচাৰ্য উত্তৰ গুৱাহাটীৰ প্ৰয়াত দিলীপ ভট্টাচাৰ্য আৰু জয়শ্ৰী ভট্টাচাৰ্যৰ কন্যা।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।