গুৱাহাটী আইআইটিৰ ডিজাইন ডিপাৰ্টমেণ্টৰ উদ্যোগত আয়োজিত কৰ্মশালা "অভিলাষা" সম্পন্ন

 05/21/2019 - 20:26

গুৱাহাটী: উত্তৰ পূৰ্বাঞ্চল তথা দেশৰ আগশাৰীৰ প্ৰযুক্তি বিদ্যাৰ শৈক্ষিক প্ৰতিষ্ঠান গুৱাহাটী আইআইটি। গুৱাহাটী আইআইটিয়ে প্ৰতিষ্ঠা কালৰ পৰাই উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ গুৱাহাটীৰ বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ক্ষেত্ৰত অগ্ৰগতিৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত লৈ আহিছে।

এনে এক কাৰ্যসূচী হ'ল ডিজাইন ডিপাৰ্টমেণ্টৰ দ্বাৰা আয়োজিত "অভিলাষা"। ডিজাইন ডিপাৰ্টমেণ্টৰ অধ্যাপক প্ৰতুল কলিতাই জানিবলৈ দিয়া মতে আজি গুৱাহাটী আইআইটিৰ ডঃ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত এই "অভিলাষা" শীৰ্ষক কৰ্মশালাখন এদিনীয়াকৈ আয়োজন কৰা হয়।

কৰ্মশালাখনিত দেশ বিদেশৰ কেইবাগৰাকীও বিষেশজ্ঞই ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময় কৰে। বৰ্তমান বিশ্বত ডিজাইন পাঠক্ৰমে বিদ্যালয় মহাবিদ্যালয় পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছে।

সেয়েহে গুৱাহাটীৰ আশে পাশে থকা ছাত্ৰ-ছাত্ৰীসকলে যাতে ডিজাইন পাঠক্ৰম সম্পৰ্কত কিদৰে আগবাঢ়িলে লাভবান হ'ব তাৰে চমু আভাস দিবলৈ আজি কৰ্মশালাখন আয়োজন কৰা হৈছিল। এই কৰ্মশালাখনিত অঞ্চলটোৰ ৭০০ ছাত্ৰীয়ে অংশ লয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।