গোৰ্খা ছাত্ৰ সন্থাৰ অধিৱেশনত কৰা সমাজ বিৰোধী কাৰ্যকলাপক লৈ মাৰ্ঘেৰিটাত তীব্ৰ প্ৰতিক্ৰিয়াঃ সংবাদ মেল আয়োজন কৰি ক্ষমা খোজাৰ দাবী

 01/17/2021 - 17:01
 
 
 
মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা কেন্দ্ৰীয় খেলপথাৰত যোৱা ৭ জানুৱাৰী তাৰিখে সদৌ অসম গোর্খা ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ লগতে গোর্খা মহিলা সমিতিয়ে যৌথভাৱে অনুষ্ঠিত কৰা সংগঠনটোৰ অধিবেশনখনত কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি জয়ৰাম থাপাই কৰা সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে জাগুনত সংবাদ মেল আয়োজন কৰি ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছে বিভিন্ন দলসংগঠনে।
 
টাই আহোম যুৱ পৰিষদ মাৰ্ঘেৰিটা মহকুমা সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টিৰাপ জাগুন আঞ্চলিক সমিতি,টাই আহোম ছাত্ৰ সন্থা পাটকাই আঞ্চলিক সমিতি,সদৌ অসম ভোজপুৰী পৰিষদ তিনিচুকীয়া জিলা সমিতি,অসম চাহ জনজাতি ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতি,সদৌ অসম চেমা ছাত্ৰ সন্থা টিৰাপ আঞ্চলিক সমিতি,সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা টিৰাপ আঞ্চলিক সমিতি,টি এম পি কে তিনিচুকীয়া জিলা সমিতি ও মাৰ্ঘেৰিটা আঞ্চলিক সমিতি, মান টাই ভাষী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি আৰু সদৌ অসম টাংছা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ যৌথ উদ্যোগত আজি জাগুন তিনিমাইলস্থিত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এই সংবাদ মেল।
 
সংবাদ মেলত জয়ৰাম থাপাই মাৰ্ঘেৰিটাবাসী ৰাইজৰ ওচৰত ক্ষমা খোজাৰ দাবী উত্থাপন কৰি গোৰ্খা ছাত্ৰ সন্থাৰ যি কোনো ধৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থকাৰো সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে, গোৰ্খা ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ তৃতীয় বাৰ্ষিক অধিবেশন খনৰ ৭ তাৰিখৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানটোত নেপালৰ পৰা আমন্ত্ৰিত কৰি অনা শিল্পীৰ দ্বাৰা প্ৰদৰ্শিত হোৱা অৰ্ধ উলংগ নৃত্য, কেন্দ্ৰীয় সমিতিৰ উপসভাপতি জয়ৰাম থাপাৰ সাম্প্ৰদায়িক মন্তব্য, সংগীত শিল্পী দূর্গেশ থাপাই কালাপানী আৰু লিপুলেখক যেতিয়ালৈকে নেপালৰ অন্তৰ্গত কৰিব নোৱাৰে তেতিয়ালৈকে গোর্খা সকল ক্ষান্ত নাথাকে বুলি ভাৰত বিদ্বেষী মন্তব্য কৰা কাৰ্যই মহকুমা বাসীৰ লগতে মহকুমাটোৰ অন্তৰ্গত প্ৰায় কেইটা দল সংগঠনকে ক্ষোভিত কৰি তোলা পৰিলক্ষিত হৈছে। ইপিনে মাৰ্ঘেৰিটা বৌদ্ধিক সমাজেও ১২ জানুৱাৰী তাৰিখে এক সংবাদ মেল আয়োজন কৰি গোৰ্খা ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ তৃতীয় বাৰ্ষিক অধিৱেশনত হোৱা পৰিস্থিতিৰ বাবে দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি এনে কাণ্ডক গৰিহনা দি মাৰ্ঘেৰিটা আঞ্চলিক সমিতিক বৰ্খাস্ত কৰিছে বুলি উল্লেখ কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.