গোসাঁইগাঁৱত ব্ৰইলাৰ মুৰ্গী ভৰ্তি ১৭ খন গাড়ী জব্দ

 01/18/2021 - 13:17
 
 
 
 
 
 
 
 
গোসাঁইগাঁওঃ গোসাঁইগাঁৱৰ আৰক্ষীৰ আজি ৰাষ্ট্ৰীয় পথত অভিযান চলায়। অভিযান চলাই অসমৰ নলবাৰী, ৰঙিয়া, বৰপেটা আদি জিলা অভিমুখে যোৱা ১৭ খন ব্ৰইলাৰ মুৰ্গী ভৰ্তি গাড়ী জব্দ কৰে। গাড়ীসমূহ বংগৰ কোচ বিহাৰ জিলা আৰু অলিপুৰদুৱাৰ জিলাৰ পৰা বৈলাৰ লৈ অসম অভিমুখে গৈ থকা অৱস্থাত জব্দ কৰে। অসমৰ লগতে বহি:ৰাজ্যত বৈলাৰ সৰবৰাহ বন্ধ থকা পিছতো এটা চক্ৰই গোপনে ব্ৰইলাৰ গাড়ী সৰবৰাহ কৰি আহিছে। বাৰ্ড ফ্লুৰ প্ৰতি চৰকাৰে কঠোৰ নিৰ্দেশনা দিয়াৰ পিছতো অব্যাহত বৈলাৰ সৰবৰাহ। জব্দ কৰা ব্ৰইলাৰ মুৰ্গী সমূহ প্ৰশাসনে মাটিত পুতি ৰখাৰ ব্যৱস্থা কৰিছে। উল্লেখ যে ১৭ খন গাড়ীত প্ৰায় পাঁচ লাখ টকাৰ ব্ৰইলাৰ মুৰ্গী আছিল। ইপিনে, চৰকাৰৰ কঠোৰ নিৰ্দেশ থকা বাবে প্ৰশাসনে গাড়ী সমূহ জব্দ কৰিছে যদিও ইয়াৰ বিপৰীতে ব্যৱসায়ী সকলে আৰক্ষী বিচৰা টকা নিদিয়া বাবে জব্দ কৰাৰ এক মিছা অভিযোগ তুলিছে।
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.