দলগাঁওঃ দৰং জিলাৰ ধূলাত সংঘটিত হল এক আত্মহত্যাৰ ঘটনা। ধূলাৰ টাংনিঝাৰ গাঁৱৰ ছিদ্দিক আলিৰ ১৩ বছৰীয়া প্ৰথম কন্যা চাবিনা বেগমে ডিঙিত উৰ্ণাৰে চিপলৈ আত্মহত্যা কৰে। জানিব পৰা মতে কালি দিনৰ ভাগত ছোৱালীজনীৰ পিতৃ-মাতৃয়ে এনআৰচিৰ শুনানিৰ বাবে এনআৰচি কাৰ্যালয়লৈ গৈছিল। তাৰে সুযোগ লৈ চাবিনা বেগমে সংঘটিত কৰে উক্ত ঘটনা।
আবেলি প্ৰায় ৩ মান বজাত ছোৱালীজনীক মৃত অৱস্থাত দেখা পাই কান্দোনত ভাঙি পৰে পৰিয়ালৰ লোক। তাৰ পিছত স্থানীয় বাসিন্দাই ঘটনাৰ বুজ ল’বলৈ আহে আৰু ধূলা আৰক্ষী থানাত খবৰ দিয়ে। এজাহাৰ মতে পৰিয়ালৰ কোনো সদস্যই কাৰো ওপৰত কোনো ধৰণৰ সন্দেহ কৰা নাই বুলিও জানিব পৰা গৈছে।
আনহাতে ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ কাকতিয়ে খবৰ পাই উপ-পৰিদৰ্শক ছাব্বিৰ আলিৰ নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে কিশোৰীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।