তালপথাৰ জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উপস্থিত বিশিষ্ট সাংবাদিক নিতুমনি শইকীয়া

 01/18/2021 - 20:25
 
কাকপথাৰঃ তিনিচুকীয়া জিলাৰ এসময়ৰ সন্ত্ৰাস জৰ্জৰ অসম অৰুনাচল সীমান্তত আৰম্ভ হৈছে এতিয়া শৈক্ষিক বিপ্লৱ৷ জিলাখনৰ মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত তালপথাৰ গাঁৱত ২০১৪ চনত স্থাপন হৈছিল তালপথাৰ জাতীয় বিদ্যালয়৷ গাঁওখনৰ উদ্যোমী যুৱক সৌমাৰজ্যোতি কোঁৱৰৰ নেতৃত্বত গাঁওখনৰ যুৱক যুৱতী ও গাঁওবাসীৰ সহযোগত গঢ়লৈ উঠিল এক শৈক্ষিক পৰিৱেশ৷ উদ্দেশ্য এটাই এশ এবুৰি সমস্যাৰে জৰ্জৰিত সীমামূৰীয়া এসময়ৰ সন্ত্ৰাসজৰ্জৰ অঞ্চলটোত শিক্ষাৰ জড়িয়তে জ্ঞানৰ পোহৰ বিলাই নৱ প্ৰজন্মক আগুৱাই নিয়া৷ গাঁওখনৰ উদ্যোমী যুৱক সৌমাৰজ্যোতি কোঁৱৰৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠা বিদ্যালয়খন স্থাপন হোৱা সাতটা বৰ্ষপূৰ্ণ হোৱাত বিদ্যালয়খনে সপ্তম বাৰ্ষিক বিদ্যালয় প্ৰতিষ্ঠা দিৱসটি উলহ-মালহেৰে উদযাপন কৰে৷
 
১৬ আৰু ১৭ জানুৱাৰী ২০২১ তাৰিখে দুদিনিয়াকৈ অনুষ্ঠিত কৰা প্ৰতিষ্ঠা দিৱসটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ সংবাদ জগতৰ জনপ্ৰিয় বিশিষ্ট সাংবাদিক নিতুমনি শইকীয়াৰ লগতে, যুৱ নেতা লক্ষ্য কোঁৱৰ, মনোৰঞ্জন বৰগোঁহাই, তাই আহোম ছাত্ৰ সন্থাৰ নেতা মিলন বুঢ়াগোঁহাই, কাকপথাৰ প্ৰেছ ক্নাৱৰ সহঃ সম্পাদক ইন্দ্ৰজিত গগৈৰ সহিতে অন্য কেইবাগৰাকীও সদস্যকে ধৰি বহু কেইজন গণ্যমান্য ব্যক্তি৷ নিতুমনি শইকীয়াক তালপথাৰবাসী ৰাইজে গায়ন বায়ন, বিহু গীত, নৃত্যৰে আদৰি আনে৷ অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি বিশিষ্ট সাংবাদিক নিতুমনি শইকীয়াই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে পিছপৰা অঞ্চলটোৰ ৰাইজক উদ্দেশ্যি বহুতো সাৰুৱা বক্তব্য প্ৰদান কৰে৷ বিশিষ্ট সাংবাদিক গকাকীক কাষত তালপথাৰত এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয়৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।