প্ৰেমিকক সময় দিবলৈ বিক্ৰী কৰিলে সন্তানক

 03/09/2019 - 15:09

ডিজিটেল ডেস্ক: সন্তানক বিক্ৰী কৰিলে নিজ ম‍াতৃয়ে। কাৰণ প্ৰেমিকলৈ সময়ৰ নাটনি। শুনিবলৈ আচহুৱা যেন লাগিলেও ই এক সত্য ঘটনা। প্ৰেমিকৰ বাবে সময় কটাবলৈ হোৱা অসুবিধাৰ বাবে ৰাছিয়াৰ এগৰাকী মহিলাই বিক্ৰী কৰিলে নিজৰ ৭ দিনীয়া সন্তানক।

মহিলাগৰাকীয়ে সন্তানটোক বিক্ৰী কৰে ১১,৫১২ পাউণ্ডত। ইয়াৰ পিছতে সন্তান কিনি লোৱা মহিলাগৰাকীয়ে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সন্তান বিক্ৰী কৰা মহিলাগৰাকীক। আৰক্ষীৰ জেৰাত তেওঁ সন্তানৰ প্ৰতিপালনত ব্যস্ত থাকিবলগীয়া হোৱা বাবে প্ৰেমিকক সময় দিবলৈ অসুবিধা হোৱাৰ কাৰণে সন্তান বিক্ৰীৰ সিদ্ধান্ত লোৱা বুলি জনায় আৰু তেওঁ নিজৰ ভূল স্বীকাৰ কৰে।

অৱশ্যে, তেওঁৰ এই সন্তান বিক্ৰীৰ বিষয়ে প্ৰেমিকজন অৱগত নহয় বুলিও আৰক্ষীক প্ৰকাশ কৰে। উল্লেখ্য যে, ছমাহৰ আগতেও মহিলাগৰাকীয়ে নিজৰ এবছৰীয়া কন্যা সন্তানটিকো বিক্ৰীৰ চেষ্টা চলাইছিল।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।