আজি মাঘ মাহৰ পহিলা বুধবাৰঃ পুৱাৰ পৰাই তিৱা লোকসকল ব্যস্ত মাঘ বিহু উদযাপনত

 01/20/2021 - 13:15
 
 
কামপুৰঃ মাঘ মাহৰ পহিলা মঙলবাৰ, বুধবাৰে মধ্য অসমৰ মাঘ বিহু। পহিলা মঙলবাৰ তিৱা সাকলৰ মাঘ বিহু(পিচু)ৰ উৰুকা আৰু বুধবাৰে বিহু উৎসৱ উদযাপন কৰে। বিহুৰ দিনাৰ পুৱাৰ পৰাই মধ্য অসমৰ তিৱা লোক সকলৰ উখল মাখল পৰিৱেশ। নগাঁও জিলাৰ তিৱা লোকসকলৰ মাজতো একে পৰিৱেশে বিৰাজ কৰিছে।
 
মঙলবাৰে বিহুৰ উৰুকা দিনা বুকলুং (তিগ্ৰম) বিলত সমূহীয়াভাবে মাছ মৰা পৰম্পৰা পিছত আজি মাঘ বিহু৷ যাকলৈ এতিয়া উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি হৈছে মধ্য অসমত। আজি পুৱাৰ মধ্য অসমত বসবাস কৰা অসমৰ ভূমিপুত্ৰ তিৱা (লালুং) সকলৰ মাঘ বিহুৰ প্ৰথম দিনা বুধবাৰ দিনা এক mai chawla কৰা বা বৰা ভাত পেলোৱা এক পৰ্ব পালন কৰি অহা হৈছে বা হয়। ইফালে দুপৰীয়া ভাগলৈ ভেলা ঘৰত লগে ভাগে এসাজ খোৱাৰ ব্যাপক প্ৰস্তুতি চলাইছে তিৱা লোকসকলে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.