গোলকগঞ্জঃ গোলকগঞ্জৰ দেবত্তৰ হাজদাহত লোমহৰ্ষক হত্যকাণ্ড। স্বামীৰ উপৰ্যুপৰি ছুৰিকাঘাতত প্ৰাণ গ’ল পত্নী সাহিদা বিবি নামৰ তিনি সন্তানৰ মাতৃৰ। হত্যাকাৰী স্বামীৰ নাম ফজলুল হক। ফজলুলৰ ঘৰ গৌৰীপুৰ থানাৰ বতুৱাতলী গাঁৱত।
আজি পুৱা আঠ মান বজাত হত্যাকাণ্ড সংঘটিত কৰি পলায়ন কৰে পত্নী হত্যাকাৰী ফজলুলে। ঘটনাস্থলীত উপস্থিত গোলকগঞ্জ আৰক্ষী। ধুবুৰীৰ গোলকগঞ্জ থানাৰ দেৱত্তৰ হাজদাহ পঞ্চম খণ্ড গাঁৱৰ সৰকত আলীৰ ছোৱালী সহিদা বিবিৰ লগত গৌৰীপুৰ থানাৰ বতুৱাতলী গাঁৱৰ ফজলুল হকৰ লগত বহু কেইবছৰ পূৰ্বে বিবাহ হয়। বৰ্তমান সহিদা বিবি দুই সন্তানৰ মাতৃ।
অভিযোগ মতে স্বামীৰ লগতে স্বামী গৃহৰ লোকে সহিদাক দীৰ্ঘদিনৰ পৰা শাৰিৰীক নিৰ্যাতন চলাই আহিছিল। স্বামীগৃহৰ নিৰ্যাতনত অতিষ্ঠ হৈ সহিদাই তিনি-চাৰি মাহ পূৰ্বে পিতৃ গৃহলৈ আহে। তেতিয়াৰ পৰা সহিদাই পিতৃ গৃহতে আছে। স্বামী ফজলুল হক ওৰফে মিঠুনেও মাজে মাজে আহি পত্নী সন্তানৰ লগত শহুৰেকৰ ঘৰত থাকে।
কিন্তু ইয়াৰ মাজতে আজি পুৱা আঠ মান বজাত ফজলুলে সহিদাৰ পিতৃ গৃহতে চোকা অস্ত্ৰৰে সহিদাক হানি খুচি নিৰ্মম হত্যা কৰে। হত্যাকাণ্ড সংঘটিত কৰিয়ে ফজলুলে পলায়ন কৰে। ঘটনাৰ খবৰ পাই গোলকগঞ্জ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰাৰ লগতে হত্যাকাৰীক কৰায়ত্ত কৰাৰ বাবে তীব্ৰ অভিযান চলাইছে।