গ্ৰেপ্তাৰ কৰা হ’ল জু–ৰোড বিস্ফোৰণৰ মূল অভিযুক্ত বিজয় অসমক

 05/22/2019 - 15:13

গুৱাহাটীঃ গুৱাহাটীলৈ অনা হ’ল জু–ৰোড বিস্ফোৰণৰ মূল অভিযুক্ত বিজয় অসমক। কিছুদিন পূৰ্বে আলফা স্বাধীনৰ জৰিয়তে সংঘটিত কৰা কূটাঘাটকৰী বিস্ফোৰণে গোটেই অসম জোঁকাৰি গ’ল৷ এই বিস্ফোৰণৰ লগত জড়িত থকা জাহ্নৱী শইকীয়া আৰু প্ৰাণময় ৰাজগুৰুক গ্ৰেপ্তাৰ কৰে যদিও মূলতে ইয়াৰ আঁৰত লুকাই আছিল অন্য এক যুৱক৷ আৰু তেওঁৱে হ’ল বিজয় অসম৷

আৰক্ষীৰ তদন্তত বিজয় অসমৰ বিষয়ে বিভিন্ন তথ্য পোহৰলৈ আহিছে৷ বিজয়ে বহু অপৰাধমূলক কাৰ্যত জড়িত হৈ আছিল। হত্যা, গাড়ীচোৰ, ডকাইতি আদি কেইবাটাও ঘটনাৰ মূল অভিযুক্ত আছিল বিজয় অসম। ৰূপালী ৰংপি নামৰ এগৰাকী মহিলাক হত্যাৰ অভিযোগত চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিছিল বিজয়ক। এই সকলো কাৰ্যৰ পৰা বিৰত হৈ কাৰাগাৰৰ পৰা ওলায়েই বিজয় অসমে যোগদান কৰিছিল আলফা স্বাধীনত৷

মঙলবাৰে তিনিচুকীয়া জিলাৰ ডাঙৰীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বিজয় অসমক। বৰ্তমান লতাশিল থানাত ৰখা হৈছে আলফা সদস্য বিজয়ক। বিজয় অসমক মাৰাথান জেৰা চলাই থকা হৈছে লতাশিল থানাত। আৰক্ষীয়ে জনোৱা মতে ধেমাজিৰ বহুত যুৱক আলফাত যোগদান কৰা বুলি স্বীকাৰোক্তি দিছে বিজয়ে।

আবেলি আদালতত হাজিৰ কৰোৱা হ'ব দূধৰ্ষ নেতা বিজয় অসমক৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।