ওদালগুৰিঃ বহুবল্কী স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তনৰ ঢাক-ঢোল যিমানেই নবযাওক কিয়,প্ৰকৃত পক্ষত গাঁও অঞ্চলসমূহত যে তেনে কোনো পৰিৱৰ্তন হোৱা নাই তাৰ এক জীয়া ছবি দেখা গ’ল ওদালগুৰি জিলাৰ ওৰাং থানাৰ অন্তৰ্গত বিশখুটি গাঁৱত। গাঁওখনৰ অশিক্ষিত মানুহক অন্ধবিশ্বাসৰ জালত পেলাই মুন্নাভাই এমবিবিএছ ৰূপী চিকিৎসকে ৰোগীক কবিৰাজী,এলোপেথিক,আয়ুৰ্বেদীক আদি বিভিন্ন পদ্ধতিৰে চলায় চিকিৎসা সেৱা।
এজন অদ্ভুত চিকিৎসক। নাম তেওঁৰ স্বম্ভু দেৱনাথ।মুন্নাভাই স্বম্ভু দেৱনাথে অবৈধভাৱে নিজ বাসগৃহৰ ভিতৰতে নামফলক বিহীন ফাৰ্মাচি স্থাপন কৰি চলাই আছে ৰমৰমীয়া বেহা। অভিযোগ অনুসৰি স্বম্ভু দেৱনাথে দীৰ্ঘদিন ধৰি নিজ ফাৰ্মাচিত ৰোগীক প্ৰথমে জৰা-ফুকা তথা মাটিৰ পাত্ৰত পানী ঝাৰি দি পিছত দিয়ে ঔষধ। আনহাতে স্বম্ভু দেৱনাথ নামৰ অদ্ভুত চিকিৎসকজনে হেনো মানুহক ভূতে লম্ভিলে তেওঁৰ কবিৰাজী যাদুৰ ক্ষমতাত তৎক্ষণাৎ ভূত খেদিবলৈ সক্ষম।এনেদৰে বহুদিনৰ পৰাই মুন্নাভাই এমবিবিএছ ৰূপী চিকিৎসক স্বম্ভু দেৱনাথে গাঁওখনৰ অশিক্ষিত সাধাৰণ গঞাক অন্ধবিশ্বাসৰ জালত পেলাই চলাই আছে লুণ্ঠনৰাজ।
গাঁওখনৰ একাংশ সচেতন যুৱক তথা দল সংগঠনে মুন্নাভাই এমবিবিএছ তথা অনুজ্ঞাপত্ৰ বিহীন ফাৰ্মাচিৰ গৰাকী স্বম্ভু দেৱনাথে এই বিজ্ঞানৰ যুগতো সাধাৰণ ৰাইজৰ জীৱনক লৈ হেতালী খেলাৰ অভিযোগ উত্থাপন কৰাৰ ওপৰিও নিজ বাসগৃহতে স্থাপন কৰা ফাৰ্মাচিৰ ভিতৰত অনৈতিক কামতো লিপ্ত থকাৰ এক ভয়ংকৰ অভিযোগ কৰিছে আমছুৰ বিশখুটি আঞ্চলিক সমিতিৰ বিষয়ববীয়াই।
এই সন্দৰ্ভত আমাৰ সাংবাদিকে অভিযুক্তৰ ফাৰ্মাচিত উপস্থিত হৈ বহুকেইখন কবিৰাজী কিতাপ,মাটিৰ পাত্ৰ কেমেৰাত বন্দী কৰিবলৈ সক্ষম হয়।কিন্তু স্বয়ম্ভু কবিৰাজ স্বম্ভু দেৱনাথে তেওঁৰ ওপৰত উত্থাপন হোৱা অভিযোগ সন্দৰ্ভত কেমেৰাৰ আগত কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকে। এতিয়া এইজন মুন্নাভাই এমবিবিএছৰ বিৰুদ্ধে প্ৰশাসন তথা বিভাগীয় কৰ্ত্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হে হ’ব লক্ষণীয় বিষয়।