মূল্যবৃদ্ধি আৰু কৃষক বিৰোধী আইন বাতিলৰ দাবীত বৰপেটাত কংগ্ৰেছৰ চাইকেল ৰেলি

 01/22/2021 - 15:55
 
 
বৰপেটাঃ দেশত অস্বাভাৱিকভাবে খাদ্য-সামগ্ৰীৰ লগতে পেট্ৰল ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধী তথা কৃষক বিৰোধী আইন বাতিলৰ দাবীত বৰপেটা জিলা কংগ্ৰছৰ তৰফৰপৰা এক চাইকেল ৰেলি উলিওৱা হয়। এই চাইকেল ৰেলি বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ পৰা আৰম্ভ হৈ সমগ্ৰ বৰপেটা চহৰ পৰিভ্ৰমণ কৰে। এই চাইকেল ৰেলিৰ নেতৃত্ব বহন কৰে বৰপেটাৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান, অসম প্ৰদেশ ইয়ং ব্ৰিগেদৰ সভাপতি দ্বীপ বায়ন, বৰপেটা জিলা কংগ্ৰেছৰ সম্পাদক আফটাব উদ্দিন খানকে প্ৰমুখ্য কৰি কংগ্ৰেছৰ বিভিন্ন নেতা কৰ্মী। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।