গোলাঘাটত AASU ৰ জোঁৰ সমদল

 01/23/2021 - 14:04
 
 
গোলাঘাটঃ ৰাজ্যত এতিয়া অগ্নিৰ বৃষ্টি৷ এফালে যদি বিজেপি চৰকাৰৰ নতুন নতুন আঁচনিৰ মেলা আনফালে দল-সংগঠনৰ প্ৰতিবাদ৷ আজি বিজেপিৰ প্ৰৱল প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গোলাঘাটৰ বিশাল সভা সমাপ্ত কৰাৰ পাচতেই সদৌ অসম ছাত্ৰ সন্থাই কা’ বাতিল কৰা, EIA 2020 বাতিল কৰা, অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ, অসম চুক্তি অনুসৰি জলন্ত বিদেশী সমস্যা সমাধানৰ দাবীত জোঁৰ সমদল আয়োজন কৰে য’ত অসংখ্য ছাত্ৰ-ছাত্ৰীয়ে যোগদান কৰে৷ উক্ত কাৰ্য্যসূচী অনুযায়ী তেওঁলোকে হাতত অগ্নিশিখা লৈ কা’ আমি নামানো, সৰ্বানন্দ হায় হায়, হিমন্ত বিশ্ব হায় হায়, সৰ্বানন্দ লেই লেই চেই চেই ইত্যাদি শ্ল’গানেৰে উত্তাল কৰে প্ৰতিবাদস্থলী৷ আনহাতেদি প্ৰশাসনে তেওঁলোকৰ জোঁৰ সমদল কৰাত বাধা প্ৰদান কৰাৰ ফলত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ সৃষ্টি হয়৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।