কা' বাতিল, পাৰিবেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা প্ৰত্যাহাৰ, অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু অসম চুক্তি অনুসৰি জলন্ত বিদেশী নাগৰিকৰ সমস্যা সমাধানৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

 01/23/2021 - 16:05
 
বিশ্বনাথঃ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই বিশ্বনাথ চাৰিআলিৰ শ্বহীদ ভৱনৰ সন্মুখত নৰেন্দ্ৰ মোদী গ'বেক, সৰ্বানন্দ সোনোৱাল হায় হায়, বিজেপি চৰকাৰৰ কাম নাই, হিমন্তৰ দম্ভালী নচলিব, পুলিচৰ দমন নীতি বন্ধ কৰক, কা' বাতিল কৰিবই লাগিব, EIA বাতিল কৰক, অমিত চাহ হুছিয়াৰ আদি বিভিন্ন শ্ল'গানেৰে কা' বাতিল, পাৰিৱেশিক প্ৰভাৱ নিৰূপন অধিসূচনা প্ৰত্যাহাৰ, অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু অসম চুক্তি অনুসৰি জলন্ত বিদেশী সমস্যা সমাধানৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয়। উক্ত কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিবাহক সদস্য ৰূপম দাস, বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম বিকাশ বৰা, সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি বৰা, উপ-সভাপতি আজমত শ্বেখ, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ চমুৱা, বিশ্বনাথৰ জ্যেষ্ঠ সাংবাদিক নিঞ্জন হাজৰিকা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যনিবাহক সদস্য নাছিৰ আহমেদ, সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদক সুনীল গোৱালা, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক নিতু বৰা, গহপুৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি/সম্পাদক, বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি/সম্পাদক সুৰজ ভূঞা, লক্ষ্য শইকীয়া, উদীপ্ত ভূঞা, পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি/সম্পাদক সুশীল তাতিঁ, অৰ্পণজ্যোতি বসুমতাৰী, জিনজিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি/সম্পাদক সপোন শইকীয়া, হীৰক বৰা, পুৱ ছয়দুৱাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নৱজ্যোতি ৰাজখোৱাকে আদি কৰি জিলা ছাত্ৰ সন্থাৰ বিষয় ববীয়া সকল।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.