গোৰেশ্বৰত ডাম্পাৰৰ দৌৰাত্ম্য

 05/22/2019 - 18:39

গোৰেশ্বৰঃ গোৰেশ্বৰত ডাম্পাৰৰ দৌৰাত্ম্য। গোৰেশ্বৰৰ মহৰিপাৰাত আৱদ্ধ পাঁচখনকৈ ডাম্পাৰ  উত্তৰ বেতনা আঞ্চলিক আছুয়ে আৱদ্ধ কৰিলে ডাম্পাৰ কেইখন। সদাব্যস্ত চাৰিআলি-ৰামগাঁও-নাগ্ৰীজুলি সংযোগী গড়কাপ্তানী পথত ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবে দৈনিক ছাত্ৰ-ছাত্ৰীৰ লগতে পথচাৰীসকলে শংকাৰে অহা-যোৱা কৰিব লগা অৱস্থাৰ সৃষ্টি হৈছে।

তীব্ৰ বেগী ডাম্পাৰৰ খুন্দাত আহত হৈছিল যুৱক। ডাম্পাৰ সমূহ চলাচলৰ সময় সীমা বান্ধি দিয়া হৈছিল ৰাতি ৮ বজাৰ পৰা ৰাতিপুৱা ৬ বজালৈ তাৰ বিপৰীতে দিনে নিশা বৃদ্ধি পাইছে ডাম্পাৰৰ দৌৰাত্ম্য।

সেইবাবে আজি সংগঠনটোৱে আৱদ্ধ কৰিলে ডাম্পাৰ কেইখন|সংগঠনটোয়ে দাবী কৰে যে এতিয়া বন বিভাগৰ ছত্ৰছায়াতে চলিব ধৰিছে ডাম্পাৰৰ দৌৰাত্ম্য।

অনাগত সময়ত যদিহে ডাম্পাৰ চলাচল কৰা সময় বান্ধি নিদিয়ে তেন্তে জংগী আন্দোলনৰ হুংকাৰ দিয়ে উত্তৰ বেতনা আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক ৰুবুল কলিতাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।