সৰুপথাৰ উৰিয়ামঘাট সংযোগী পথৰ বিধ্বস্ত অৱস্থাই জ্বলাকলা খুৱাইছে ৰাইজক

 05/22/2019 - 19:17

সৰুপথাৰঃ এশ শতাংশ অএনজিচিৰ পুঁজিৰে নিৰ্মাণ কৰা ধনশিৰি মহকুমাৰ সৰুপথাৰ উৰিয়ামঘাট সংযোগী পথ এতিয়া বিধ্বস্ত। ৮ কোটি ৫৮ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা পথটোৰ কাম ২০১৩ চনত আৰম্ভ কৰি ২০১৭ চনত সম্পূর্ণ কৰিছিল। পথটো নিৰ্মাণৰ নিবিদা লাভ কৰিছিল জীৱন চুতীয়া আৰু চৈয়ৱ খান নামৰ ঠিকাদাৰ দুজনে। এই গুৰুত্বপূৰ্ণ পথটোত অকল যাত্রীবাহী গাড়ী চলাচল কৰাই নহয় পথটোৰ বহন ক্ষমতাতকৈ অধিক ওজনৰ অএনজিচি কৰ্তৃপক্ষৰ বৃহৎ বৃহৎ গাড়ী আৰু অসম নাগালেণ্ড সীমান্তৰ পাথৰ কোঁৱেৰীৰ পৰা পাথৰ সৰবৰাহ কৰা ডাম্পাৰ চলে।

প্ৰতিদিনেই প্ৰায় ৫০০ৰো অধিক ডাম্পাৰে উক্ত পথেৰে ৰাজ্যখনৰ বিভিন্ন অঞ্চললৈ পাথৰ সৰবৰাহ কৰে। ফলত পথটোৰ অৱস্থা অধিক শোচনীয় হৈ পৰিছে। পথটোত সৃষ্টি হৈছে পুখুৰী সদৃশ প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ। এজাক বৰষুণতে পানী জমা হয় পথটোত। পথটোৰ এনে অৱস্থাৰ বাবে স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী,ৰোগী,সাধাৰণ জনতাই জীয়াতু ভোগাই নহয় সৰু সৰু বাহনসমূহো চলাচল কৰাৰ ক্ষেত্রত অসুবিধাৰ সন্মুখীন হৈছে।

পথটোৰ বিধ্বস্ত অৱস্থাৰ বাবে চাৰিচকীয়া বাহন এখনৰ পাটি ভগাৰ ফলত সৃষ্টি হয় যান-জঁটৰ। বহু সময় ধৰি পথটোৰ দুয়ো পাৰে আবদ্ধ হৈ পৰে শ শ সৰু বৰ যানবাহন। দুৰ্বিসহ যাতায়াত ব্যৱস্থাই পথাচাৰীক জীয়াতু ভোগোৱাৰ পিছটো পথটো মেৰামতি কৰাৰ ক্ষেত্রত কোনো পদক্ষেপ গ্রহণ কৰা নাই ৰাজ্য চৰকাৰৰ গড়কাপ্তানী বিভাগে। কাণষাৰ নাই স্থানীয় বিধায়িকা ৰ'জলীনা তিৰ্কীৰো। অথচ বন বিভাগৰ পৰা প্ৰতি মাহে 20 লাখৰো অধিক টকা ৰাজহ হিচাপে পায় চৰকাৰে। পথটো মেৰামতি অথবা পুনৰ নির্মাণ নকৰাত ক্ষোভিত এতিয়া স্থানীয় ৰাইজ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।