দুৰ্দশাৰ অন্ত নাই নিকৰিবাসীৰ

 03/09/2019 - 15:22

কাজিৰঙাঃ প্ৰাক্তন কৃষিমন্ত্ৰী অতুল বৰাৰ খোদ বোকাখাত সমষ্টিৰ নিকৰি নামৰ বৃহৎ অঞ্চলটোত আজিলৈকে নপৰিল উন্নয়নৰ পোহৰ ৷ উন্নয়নৰ ধাক ঢোল বজাই চৰকাৰ গ’ল, চৰকাৰ আহিল। বানে গৰকা নিকৰিবাসী ৰাইজে এতিয়া ভূগিছে যমৰ যাতনা। বাৰিষাত যদি বানপানীৰ সমস্যা তেন্তে খৰালিত আকৌ যাতায়তৰ সমস্যা। দুৰ্য্যোগে যেন কেতিয়াও লগেই নেৰিব নিকৰি অঞ্চলৰ ২০ খন গাঁৱৰ ৰাইজক৷

বানে প্ৰতিবাৰেই নিকৰিৰ বাটপথ, দলং আদি বিধ্বস্ত কৰে৷ বান যোৱাৰ পাছত ৰাইজে নিজেই বাটপথ আৰু দলং নিৰ্মাণ কৰি যাতায়তৰ ব্যৱস্থা কৰিবলগীয়া হয়। উল্লেখ্য যে, নিকৰিৰ পূব দিশত এই মূলপথটো বিগত ভয়াৱহ বানে চিঙি নিছিল৷ ইয়াৰ পাছতে স্থানীয় ৰাইজে এই চিগা অংশত এখন বাঁহৰ দলং নিৰ্মাণ কৰি লৈছিল৷ কিন্তু এতিয়াও এই বাঁহৰ দলঙখন সম্পূৰ্ণ বিধ্বস্ত৷ দলঙৰ কাষৰ এটা কেঁচা পথেৰে ৰাইজে এতিয়া ইখন গাঁৱৰপৰা সিখন গাঁৱলৈ অহা-যোৱা কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে৷

নিকৰিৰ পশ্চিম দিশত অৱস্থিত গাঁও সমূহলৈ এতিয়াও নাযাই ১০৮ এম্বুলেন্স সেৱা। যাৰ বাবে ৰোগীক এতিয়া সাঙি কৰি চিকিৎসালয়লৈ নিবলগীয়া হয়। ভঙা বাঁহৰ দলঙখনত বহি এগৰাকী মহিলাই এনেদৰে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে৷ বিগত ১৫ বছৰে কংগ্ৰেছ চৰকাৰৰ লগতে পৰিৱৰ্তনকামী বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ ওচৰত নিকৰিবাসীয়ে বাটপথ উন্নয়ন আৰু বিজ্ঞানসন্মতভাৱে পকী দলং নিৰ্মাণ কৰি দিবলৈ দাবী জনায় আহিছে যদিও আজিকোপতি কোনো সুফল লাভ কৰা নায়৷ পুনৰ বানৰ আশংকাত এতিয়া বিনিদ্ৰৰজনী কটাইছে নিকৰিবাসীয়ে৷ পৰিৱৰ্তনৰ শ্ল’গান দি দিছপুৰৰ মছনদ দখল কৰা বি জে পি নেতৃত্বাধীন এই চৰকাৰখনে নিকৰিবাসী ৰাইজক এই মহা সংকটৰপৰা কেনেকৈ পৰিত্ৰাণ পাব সেইয়া পাছতেহে লক্ষণীয় হ’ব৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।