ডিব্ৰুগড়: আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মটক জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৰ্বাংগ উন্নতি সাধন হোৱাকৈ বিশ্ববিদ্যালয়ত অধ্যয়নৰত মটক জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ অন্তৰ্গত ডিব্ৰুগড় জিলা সমিতিৰ পৃষ্ঠপোষকতাত আজি এখন ৩৫ জনীয়া পূণাংগ সমিতি গঠন কৰা হয়। উক্ত সমিতি গঠনৰ উদ্দেশ্যেৰে অনুষ্ঠিত কৰা সভাখনিত সভাপতিত্ব কৰে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ উপদেষ্টা যতীন দিহিঙীয়াই।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ সৌমাৰ জ্যোতি গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত উপস্থিত থাকে সদৌ অসম মটক সন্মিলনৰ সভাপতি চন্দ্ৰ সেনাপতি, ডিডিআৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ৰনেন্দ্ৰ খাউন্দ, পুৰন্দৰ গোহাঁই, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰশান্ত চেতিয়া, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সাংগঠনিক সম্পাদক ৰুপজ্যোতি গোহাঁই, দিব্যজ্যোতি বৰুৱা, অমলেন্দু ফুকন, ডিব্ৰুগড় জিলা সম্পাদক মুকুন্দ মাধৱ বুঢাগোহাঁই, সাংগঠনিক সম্পাদক অজয় গগৈ, সহকাৰী সাধাৰণ সম্পাদক সৌৰভ খাউন্দ, শিক্ষা সম্পাদক ৰিদিপ গগৈ, সমাজসেৱক মণ্টু ৰাজখোৱা, প্ৰচাৰ সম্পাদক শৰৎ হাজৰিকা, চাবুৱা আঞ্চলিক সমিতি সভাপতি মৃদুপৱন চেতিয়া, সম্পাদক কৃষ্ণ গোহাঁই, ডিকম আঞ্চলিক সমিতিৰ উপ-সভাপতি অভিলেষ সন্দিকৈ।
ইয়াৰ পাছতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে চন্দ্ৰ সেনাপতিয়ে। তেওঁ সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ ইতিবৃ্ত্ত দাঙি ধৰে লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মটক জনগোষ্ঠী ছাত্ৰ ছাত্ৰীৰ বাবে থকা সংৰক্ষিত আসন থকাৰ কথা অৱগত কৰাৰ লগতে চৰকাৰক আসন বৃদ্ধি কৰিবৰ বাবে দাবী জনাই অহাৰ কথা উল্লেখ কৰাৰ লগতে বিশ্ববিদ্যালয়ত থকা গুৰুজনা অনিৰূদ্ধদেৱৰ আসনৰ বাবে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন আৰু সদৌ অসম মটক সন্মিলনৰ অৱদানৰ কথা উনুকিয়ায়।
ইয়াৰোপৰি সভাত বিভিন্ন অতিথি বক্তাই ভাষণ প্ৰদান কৰাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মটক অধ্যয়ন গোটটি সৌমাৰ জ্যোতি গগৈক উপদেষ্টা হিচাপে লৈ, প্ৰতিস্থাপক সভাপতি বিমান বড়া, উপসভাপতি লব্ধপ্ৰতীম দাস, মৌচুমী শইকীয়া, যুটীয়া সম্পাদক বিষ্ণুজ্যোতি দত্ত, ভাস্কৰ জোনাক দত্ত, সহকাৰী সাধাৰণ সম্পাদক অংশুময় সেনাপতি, প্ৰকৃতি চেতিয়া, সাংগঠনিক সম্পাদক অনুপম চেতিয়া, কল্পজোতি দত্ত, প্ৰচাৰ সম্পাদক ৰোহন বৰা, ভাস্কৰ শইকীয়া, শিক্ষা সম্পাদক সুস্মিতা গগৈ, ক্ৰীয়া সম্পাদক অমৰ জ্যোতি হাজৰিকা, কোষাধ্যক্ষ কমল গগৈ, সমাজসেৱা সম্পাদক স্মৃতা ফুকন, সাংস্কৃতিক সম্পাদক ভেংকটেশ গোহাঁই, সদস্যা পৰিস্মীতা দত্ত, দিপশিখা গোহাঁই, সদস্য কোলদ্বীপ গোহাঁইক লৈ এখনি শক্তিশালী সমিতি গঠন কৰা হয়।
সভাত আহ্বায়ক মণ্ডলিৰ হৈ প্ৰতিষ্ঠাপক সভাপতি বিমান বড়াই কয় মটক জনগোষ্ঠীটোৰ শৈক্ষিক দিশৰ উন্নতি সাধনৰ লগতে, আন আন সমস্যাসমূহৰো সমাধান কৰিম বুলি কথা দিয়ে। উক্ত সভাখনিতে নৱগঠিত সমিতিখনে অহা ২৪ মে' তাৰিখে ২১৭ সংখ্যক মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱসটি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে।