অসমৰ ৫১টা কেন্দ্ৰত হৈছে ভোটগণনা

 05/23/2019 - 10:02

ডিজিটেল ডেস্কঃ পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হৈছে ভোটগণনা। ৫টাকৈ ভিভিপেট পৰীক্ষাৰ ব্যৱস্থা এইবাৰ। প্ৰথমবাৰৰ বাবে ইভিএমৰ সৈতে সংযোগ কৰা হৈছিল ভিভিপেট। ভোটগণনাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ ৰাজ্যজুৰি।

অসমৰ ৫১টা কেন্দ্ৰত হ’ব ভোটগণনা। ১৪৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ইভিএমে। দেশত ৫৪২খন লোকসভা আসনৰ বাবে হৈছিল নিৰ্বাচন। এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা মুঠ প্ৰাৰ্থীৰ সংখ্যা ৮০৪০গৰাকী।

১১ এপ্ৰিলৰ পৰা ১৯ মে’লৈ অনুষ্ঠিত হৈছিল ৭টা পৰ্যায়ত লোকসভা নিৰ্বাচন। ভোটগণনা কেন্দ্ৰসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা। পশ্চিমবংগ, ত্ৰিপুৰা, উত্তৰপ্ৰদেশক লৈ অধিক সতৰ্ক কেন্দ্ৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।