01/29/2021 - 13:47
in
জাগুনঃ বিগত কেইদিনমান ধৰি এটা বিষয়ক লৈ চৰ্চালৈ আহিছে জাগুন গাঁও পঞ্চায়ত। উল্লেখ্য যে চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত জাগুন পঞ্চায়তৰ অন্তৰ্গত কথাছেমা অঞ্চলত এটা বক্স কালভাৰ্ট অনুমোদিত হৈছিল। এই কথা অভিযোগকাৰী ৰাইজে তথ্য জনাৰ অধিকাৰ আইনৰ দ্বাৰা গম পাইছিল আৰু তাত উল্লেখ কৰা মতে কালভাৰ্ট নিৰ্মাণৰ বাবে 9 লাখ 50 হাজাৰ টকা ইতিমধ্যে পঞ্চয়তে উলিয়াই লোৱা বুলি দেখুওৱা হৈছে।
কিন্তু টকা উলিয়াই নিলেও কথাছেমাত কোনোধৰণৰ কাম হোৱা নাই। এয়া কিয় হৈছে বুলি একাংশ ৰাইজে জাগুন পঞ্চায়তৰ সভাপতি দীপক শৰ্মাক লগ কৰি বিষয়টো সন্দৰ্ভত সুদুত্তৰ নাপাই সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰে। অন্যহাতে বিষয়টো সন্দৰ্ভত সঠিক তথ্য আদায় কৰাৰ লক্ষ্যৰে গাঁৱৰ ৰাইজৰ কাষ চাপে সাংবাদিকৰ দল। উল্লেখ্য যে চন্দ্ৰপুৰ নামৰ গাঁওখনৰ মাজেদি যোৱা খেৰেম নলাৰ ওপৰত বক্স কালভাৰ্টৰ সলনি এখন লোহাৰ দলং ৰাইজে বিচৰাত পঞ্চায়তে দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ৰাইজে জানিব দিয়ে। আৰু পঞ্চায়তৰ সভাপতি দীপক শৰ্মাই উল্লেখ কৰে যে বিতৰ্ক কৰি থকা সকল উক্ত গাঁওৰ নহয় বক্স কালভাৰ্টৰ সলনি লোহাৰ দলং নিৰ্মান হব ,এক টকাও পুঁজিৰ ধন হৰলুকি হোৱা নাই বুলি উল্লেখ কৰে।