01/31/2021 - 16:19
in
পূৱ বৰপেটাঃ বৰপেটা জিলাৰ চেঙাৰ মধ্য কামৰূপ মহাবিদ্যালয়ত আজি কলেজ পৰিচালনা সমিতিৰ নৱনিযুক্ত সভাপতি যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক ড০ মোহন চন্দ্ৰ তালুকদাৰে দায়িত্বভাৰ গ্ৰহণ কৰে। বিদায়ী সভাপতি ড০ চি এম আলী, অধ্যক্ষ ড০ গোপেশ কুমাৰ শৰ্মা, উপাধ্যক্ষ ড০ হৰেন্দ্ৰ নাথ তালুকদাৰক লগত লৈ পৰিচালনা সমিতিৰ সভাপতি অধ্যাপক ড০ তালুকদাৰে অসমীয়া ইংৰাজীকে আদি কৰি কলেজখনৰ সকলো বিভাগতে উপস্থিত হৈ বিভাগ সমূহৰ বিদ্যায়তনিক দিশৰ থুলমূল খতিয়ান লয়। সভাপতি ড০ তালুকদাৰে অৰ্থনীতি বিভাগে প্ৰস্তুত কৰা "ইকনমিকা" নামৰ ফলক আলোচনী এখন উন্মোচন কৰি কয় যে আমাৰ চিন্তাৰ প্ৰকাশিত ৰূপ হৈছে কথা বা বক্তব্য আৰু কলমেৰে নিগৰিত লিখনি।
ফলক আলোচনীৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক সমৃদ্ধিৰ মাত্ৰা নিশ্চিত কৰিব পাৰে।কলেজৰ অধ্যক্ষৰ তৎপৰতাত এক গাম্ভীৰ্য্যপূৰ্ণ অনুস্থানৰ মাজত কলেজত এক বৃক্ষৰোপণ কাৰ্য্যসূচীৰো শুভাৰম্ভ কৰে সভাপতি অধ্যাপক ড০ মোহন চন্দ্ৰ তালুকদাৰে। কলেজখনৰ শিক্ষক আৰু কৰ্মচাৰীৰ লগত এক সভাতো সভাপতি গৰাকীয়ে কলেজৰ সৰ্বাঙ্গীন বিকাশৰ বাবে সকলোৰে কৰনীয় দিশসমূহৰ ওপৰত নিজৰ মতামত বাখ্যা কৰে। অধ্যক্ষই আঁত ধৰা সভাখনত বিদায়ী সভাপতি ড০ চি এম আলী আৰু উপাধ্যক্ষ ড০ হৰেন্দ্ৰ নাথ তালুকদাৰেও নিজ নিজ বক্তব্যৰে নতুন সভাপতি গৰাকীৰ সুনিশ্চত আৰু পৰিকল্পিত চিন্তাৰে মধ্য কামৰূপ কলেজক আগুৱাব পৰাকৈ অধ্যক্ষ ড০ গোপেশ কুমাৰ শৰ্মাক পথ নিৰ্দেশনা দিবলৈ সহায়ক হব বুলি মন্তব্য দিয়ে।