02/04/2021 - 13:44
in

মাণিকপুৰঃ বঙাইগাঁও জিলাৰ দাঁতিকাষৰীয়া অঞ্চল তথা বৰপেটা জিলাৰ সীমামূৰীয়া অঞ্চল কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দাৱানদিয়াত নিষিদ্ধ ভাঙৰ ৰমৰমীয়া বেহা অব্যাহত আছে। অঞ্চলটোৰ ঘৰে ঘৰে গঢ়ি তুলিছে নিষিদ্ধ ভাং খেতি। মঙলবাৰে সন্ধিয়া স্থানীয় ৰাইজে জব্দ কৰিলে বৃহৎ পৰিমাণৰ ভাং। জব্দ কৰা ভাং খিনি গাঁওৰক্ষী বাহনী আৰু গাঁওবুঢ়াৰ ওচৰত চমজাই দিয়ে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত কোনো তদন্ত নকৰাত গাঁওৰক্ষী বাহনী আৰু গাঁওবুঢ়া লৈ সন্দেহৰ আঙুলি টোৱাইছে।