সৰুসজাই ষ্টেডিয়ামত ১৬৪৮৪ গৰাকী ভেন্সাৰ শিক্ষকৰ লগতে টে'ট শিক্ষকক বিতৰণ কৰা হ’ল নিযুক্তিপত্ৰ

 02/05/2021 - 19:00
 
গুৱাহাটীঃশুকুৰবাৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বিতৰণ কৰা হ’ল যোগ্য বিবেচিত ভেন্সাৰ শিক্ষকৰ নিয়োগপত্ৰ৷ প্ৰাদেশিকীকৰণৰ বাবে যোগ্য বিবেচিত মুঠ ১৬,৪৮৪ গৰাকী ভেন্সাৰ শিক্ষকৰ লগতে টেট উত্তীৰ্ণ শিক্ষকক বিতৰণ কৰা হ’ল নিযুক্তিপত্ৰ৷ মুঠ ২৯,৭০১ গৰাকী শিক্ষকক নিযুক্তিপত্ৰ বিতৰণী অনুষ্ঠানৰ বাবে সৰুসজাই ষ্টেডিয়ামত পুৱাৰে পৰা ব্যাপক উচাহ পৰিলক্ষিত হৈছিল শিক্ষক শিক্ষয়িত্ৰীৰ মাজত৷
উল্লেখ্য যে, আজি বছৰ বছৰ ধৰি ভেন্সাৰ এল পি, এম ই, হাইস্কুল, জুনিয়ৰ কলেজ আৰু কলেজত কৰ্মৰত হৈ থকা যোগ্য বিবেচিত শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত প্ৰাদেশিকীকৰণৰ নিযুক্তি পত্ৰ বিতৰণ কৰিলে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.