ডবকাত মুল্য বৃদ্ধি ৰোধৰ দাবীত AJYCP ৰ প্ৰতিবাদ

 02/05/2021 - 19:33
 
 
ডবকাঃডবকা ষ্টেট বেংকৰ সমীপত অত্যাবশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰল,ডিজেল আদি মূল্য বৃদ্ধিৰ ৰোধৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে AJYCP য়ে।প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে চৰকাৰ বিৰোধী বিভিন্ন শ্ল-গানেৰে উত্তাল কৰি তোলাৰ লগতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী,পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পুত্তলিকা দাহ কৰে। চৰকাৰে দাবী সমূহ মানি ন’ললে অনাগত দিনত ইয়াতকৈ ভয়াবহ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।